ETV Bharat / state

Minor Girl Suicide Case: দুলীয়াজানত বনকৰা কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত তীব্ৰ প্ৰতিবাদ - Tengakhat Police Station

দুলীয়াজানত বনকৰা কিশোৰী হত্যাৰ তীব্ৰ প্ৰতিবাদ ৷ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত অভিযুক্ত শিক্ষক চেনীৰাম দাসক উচিত শাস্তি প্ৰদানৰ দাবীত আদিবাসী মহিলাৰ প্ৰতিবাদ (Adivasi women protest at Duliajan)৷

Minor Girl Suicide Case
দুলীয়াজানত বনকৰা কিশোৰী হত্যাৰ তীব্ৰ প্ৰতিবাদ
author img

By

Published : Nov 5, 2022, 9:32 AM IST

ডিব্ৰুগড়, 5 নৱেম্বৰ : বনকৰা কিশোৰীক হত্যা কৰাক লৈ দুলীয়াজানত আদিবাসী মহিলাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । শুকুৰবাৰে সন্ধিয়া দুলীয়াজানৰ হুকুটা চাৰিআলিত আদিবাসী মহিলা সংগঠনে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

দুলীয়াজানৰ বামহুকুটা অঞ্চলৰ এগৰাকী কিশোৰীক টেঙাখাটৰ চেনীৰাম দাস নামৰ এজন শিক্ষকে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে আদিবাসী মহিলা সংগঠনে । শিক্ষক চেনীৰাম দাসক উচিত শাস্তিৰ দাবীত ওলাই আহে মহিলাসকল (Adivasi women protest at Duliajan)।

দুলীয়াজানত বনকৰা কিশোৰী হত্যাৰ তীব্ৰ প্ৰতিবাদ

উল্লেখ্য যে, যোৱা ৩১ অক্টোবৰত ডিব্ৰুগড়ৰ টেঙাখাটত সংঘটিত হৈছিল এক ঘটনা । দহ বছৰ বয়সতে দুলীয়াজানৰ বামহুকুটা অঞ্চলৰ পৰা বনকৰা ছোৱালীৰূপে টেঙাখাটৰ নিবাসী শিক্ষক চেনীৰাম দাসৰ ঘৰলৈ বুলি লৈ গৈছিল । পৰৱৰ্তী সময়ত শিক্ষা বৃত্তিত কলংক সনা চেনীৰাম দাস নামৰ শিক্ষকগৰাকীয়ে দীৰ্ঘদিন ধৰি বন‌কৰা কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছিল (Teacher accused of sexually assaulting and killing)।

অৱশেষত কিশোৰীগৰাকীক ৩১ অক্টোবৰত ডিঙি চেপি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা অভিযোগত শিক্ষক চেনীৰাম দাসৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে চাহ জনগোষ্ঠীয় বিভিন্ন দল- সংগঠন (Minor girl suicide case)।

ইয়াৰোপৰি একাংশ সাংবাদিকে এই ঘটনাক গাপ দিবলৈ চেষ্টা চলোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাৰ পাছতে পৰিয়ালে টেঙাখাটত আৰক্ষীক (Tengakhat Police Station) এজাহাৰ দাখিল কৰিছে যদিও এই মুহূৰ্তলৈকে অভিযুক্ত শিক্ষক চেনীৰাম দাস মুকলি অকাশৰ তলত থকাক লৈ প্ৰতিবাদত নামিল আদিবাসী মহিলাসকল ।

লগতে পঢ়ক : 75 workers rescued from Arunachal: অৰুণাচলত আৱদ্ধ মৰিয়নিৰ ৮ শ্ৰমিকৰ লগতে ৭৫ শ্ৰমিকক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.