ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্যৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ - ড৹ ৰঞ্জিত তামুলী

বিভিন্ন বিত্তীয় কেলংকাৰীত নাম সাঙোৰ খাই পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ "আছু" গোট । ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰূদ্ধে তদন্তৰ দাবী উত্থাপন কৰি বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মকৰ্তা সকলেও নামি পৰিছিল প্ৰতিবাদত ।

protest-against-vice-chancellor-of-dibrugarh-university
ডিব্ৰুগড় বিশ্ববিদ্যালয় উপাচার্যৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ
author img

By

Published : Jan 28, 2021, 10:50 PM IST

মৰাণ, 28 জানুৱাৰী : বিভিন্ন বিত্তীয় কেলংকাৰীত নাম সাঙোৰ খাই পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ "আছু" গোট । উপাচাৰ্য্যৰ বিৰুদ্ধে উত্থাপন হোৱা বিত্তীয় কেলংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি দোষীক উপযুক্ত শাস্তি বিচাৰি বৃহস্পতিবাৰে প্ৰতিবাদত নামিল বিশ্ববিদ্যালয়ৰ আছু গোট ।

ডিব্ৰুগড় বিশ্ববিদ্যালয় উপাচার্যৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, বিভিন্ন বিত্তীয় অনিয়মত নাম সাঙোৰ খাই পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰিত হৈছিল সংবাদ মাধ্যমত । ইয়াৰ পাছতেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰি যোৱা ১১ জানুৱাৰীত প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ববিদ্যালয়ৰ "আছু" গোটে । উক্ত অভিযোগৰ তদন্ত বিচাৰি আচাৰ্য আৰু পঞ্জীয়কক স্মাৰক পত্ৰ প্ৰদান কৰি সময় বান্ধি দিছিল ১৫ দিনৰ । কিন্তু এই সময় পাৰ হোৱাৰ পাছতো কোনো ফল নাপাই আজি পুনৰ উপাচাৰ্য কাৰ্য্যালয়ৰ সন্মূখত এইদৰে প্ৰতিবাদত নামি পৰে বিশ্ববিদ্যালয়ৰ আছু গোটৰ কৰ্মকৰ্তা সকল আৰু এই প্ৰতিবাদৰ স্থানৰ পৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰূদ্ধে উত্থাপিত হোৱা বিত্তীয় অনিয়মৰ উচ্চ পৰ্য্যায়ৰ তদন্ত আৰু দোষীক শাস্তি প্ৰদানৰ দাবী তোলে ।

ইফালে যোৱা ২৫ জানুৱাৰীত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰূদ্ধে তদন্তৰ দাবী উত্থাপন কৰি বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মকৰ্তা সকলেও নামি পৰিছিল প্ৰতিবাদত ।

লগতে পঢ়ক : পথৰুঘাটৰ ৰণঃ ইতিহাসৰ পাতত ধূসৰ হোৱা এক জীয়া কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.