ETV Bharat / state

ডিব্ৰুগড়ৰ টিংখঙত CPIMLৰ প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Oct 28, 2020, 5:26 PM IST

টিংখঙৰ প্ৰতিবাদস্থলীত বিজেপি যুৱ মৰ্চাৰ কৰ্মীৰে CPIMLৰ সদস্যৰ সংঘাত। বিধায়ক বিমল বৰাৰ বিৰুদ্ধে CPIMLৰ সদস্যই উত্থাপন কৰা অভিযোগক মিছা আখ্য়া দি বিজেপি যুৱ মৰ্চাৰ কৰ্মীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে প্ৰতিবাদস্থলী।

ডিব্ৰুগড়ৰ টিংখঙত CPIMLৰ প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতি
ডিব্ৰুগড়ৰ টিংখঙত CPIMLৰ প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতি

টিংখং, ২৮ অক্টোবৰ: ডিব্ৰুগড়ৰ টিংখঙত CPIMLৰ কেন্দ্ৰীয় সমিতিৰ ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচীৰ মাজতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। বিজেপিৰ যুৱ মৰ্চাৰ শতাধিক কৰ্মীয়ে তচনচ কৰিলে প্ৰতিবাদস্থলী। উল্লেখ্য যে,আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰীত বিজেপি বিধায়ক বিমল বড়া জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বিধায়কগৰাকীক তদন্তৰ আওতালৈ অনাৰ দাবী জনাই ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

মঙলবাৰৰ পুৱা ৬ বজাৰ পৰা দলৰ টিংখঙৰ ৰাজগড়স্থিত কাৰ্যালয়ৰ সন্মুখত CPIML ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপন বকলীয়ালে বিক্ষোভ প্ৰদৰ্শন কৰে। ইয়াৰ পিছতে বুধবাৰে দুপৰীয়া অনশনস্থলীত বিজেপি যুৱ মৰ্চাৰ শতাধিক কৰ্মী উপস্থিত হৈ বিধায়ক বিমল বৰাৰ বিৰুদ্ধে মিছা অভিযোগ তোলা বুলি কৈ প্ৰতিবাদী কাৰ্যসূচী উঠাই ল'বলৈ দাবী জনোৱাৰ লগতে অনশনস্থলী ভাঙি লণ্ড-ভণ্ড কৰে।

অনশনস্থলীৰ বেনাৰ-পোষ্টাৰ ফালি পেলোৱাৰ লগতে আচবাববোৰো নষ্ট কৰে। আনহাতে,বিধায়ক বিমল বৰা আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰীত কোনো কাৰণতে জড়িত নহয় বুলি দাবী কৰাৰ লগতে বিধায়কগৰাকীৰ বিৰুদ্ধে এনে মিছা অভিযোগ কেতিয়াও সহ্য কৰা নহ'ব বুলি সকিয়াই দিয়ে বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীসকলে।

THUMBNAIL IMAGE IS WRONG. KINDLY CHANGE IT

লগতে পঢ়ক:অসম-মিজোৰাম সীমান্তত অব্যাহত মিজোৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.