ETV Bharat / state

Protest in Dibrugarh University: নাহৰৰ দেশত ছাত্ৰ আন্দোলন - ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ উচ্চ হাৰৰ মাচুল হ্ৰাসৰ দাবী উত্থাপন কৰি প্ৰতিবাদত নামিল ছাত্ৰ সমাজ(protest against fee hike in Dibrugarh university ) ।

protest-against-fee-hike-in-dibrugarh-university
Protest in Dibrugarh university: নাহৰৰ দেশত ছাত্ৰ আন্দোলন
author img

By

Published : Dec 3, 2021, 7:05 PM IST

Updated : Dec 3, 2021, 7:16 PM IST

ডিব্ৰুগড়, 3 ডিচেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত নামিল ছাত্ৰ সমাজ(Protest of Engineering students of Dibrugarh university) ৷ ইয়াৰ পিছতে, বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি । দীৰ্ঘ দিনিয়া দাবীক আওকান কৰি মাচুল হ্ৰাস নকৰাক লৈ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ ছাত্ৰ সমাজৰ । উল্লেখযোগ্য, চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ অধীনত অধ্যয়নৰ নামত লক্ষাধিক টকা মাচুল আদায়ক লৈ বিমোৰত পৰিছে ছাত্ৰ-ছাত্ৰীসকল ।

বিগত ২০২০ চনতে বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালকে ছাত্ৰ-ছাত্ৰী সকলৰ মাচুল ৫০ শতাংশ হ্ৰাস কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু এই সিদ্ধান্তৰ পিছতো লক্ষাধিক টকা নামভৰ্তিৰ নামত পৰিশোধ কৰিবলগীয়া হৈ আহিছে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থীসকলে । ইয়াকে লৈ আজি প্ৰতিবাদত নামিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ । বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত হাতে হাতে প্লে-কাৰ্ড প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে(Dibrugarh University students protest against fee hike) ।

Protest in Dibrugarh university: নাহৰৰ দেশত ছাত্ৰ আন্দোলন

আনহাতে, কোনো কাৰণতে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ নামভৰ্তিৰ মাচুল বৃদ্ধি মানি নোলোৱাৰ কথা স্পষ্ট কৰিছে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে ।

ইফালে, বিশ্ববিদ্যালয়ৰ অধীনৰ কেন্দ্ৰ সমূহৰো উচ্চ হাৰৰ মাচুলক লৈ দীৰ্ঘ সময় ধৰি বিপাঙত পৰি আহিছে ছাত্ৰ সমাজ ৷ অত্যাধিক মাচুলৰ হাৰৰ বাবে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ সমাজে । আনহাতে বহু শিক্ষাৰ্থীয়ে মাচুল পৰিশোধ কৰিব নোৱাৰাৰ ফলত আধাতে শিক্ষা জীৱন সামৰি ঘৰমুখী হ’বলগীয়া হোৱা বুলিও অভিযোগ উত্থাপিত হৈছে(Fee hike affecting academic career of students) ৷ তেনেস্থলত ক'ভিড পৰিস্থিতিতো অপৰিৱৰ্তিত হৈ থকা উচ্চ হাৰৰ মাচুল হ্ৰাসৰ দাবী উত্থাপন কৰিছে শিক্ষাৰ্থীসকলে ।

লগতে পঢ়ক : Traffic Rules Violation in Dibrugarh : আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ডিব্ৰুগড় পৰিবহন বিভাগ

Last Updated : Dec 3, 2021, 7:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.