ETV Bharat / state

মৰাণত সাম্প্ৰতিক সময়ৰ জনজাগৰণৰ বাখ্যা অখিল ৰঞ্জন দত্তৰ

জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই আন্দোলনটো কেনেধৰণে আগবঢ়াই নিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব এই আন্দোলনৰ স্থায়ীত্ব। এই মন্তব্য অধ্যাপক অখিল ৰঞ্জন দত্তৰ ৷

Proffesor Akhil Ranjan Dutta in Moran
মৰাণত সাম্প্ৰতিক সময়ৰ জনজাগৰণৰ বাখ্যা অখিল ৰঞ্জন দত্তৰ
author img

By

Published : Dec 27, 2019, 11:42 PM IST

মৰাণ, 27 ডিচেম্বৰঃ ‘‘নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি যি আন্দোলন চলিছে এই আন্দোলন সংকুচিত কৰিবলৈ চৰকাৰে বিভিন্ন কূট-কৌশল অৱলম্বন কৰিছে । এই আন্দোলনত প্ৰথমৰে পৰা আগভাগ লোৱা অন্যতম সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদীসকলক চৰকাৰে জগৰীয়া কৰিবলৈ চেষ্টা চলাই আহিছে ’’ এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অখিল ৰঞ্জন দত্তৰ ৷ মৰাণৰ টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ বিদ্যায়তনিক পৰিষদৰ উদ্যোগত শুক্ৰবাৰে অনুষ্ঠিত প্ৰয়াত জননেতা কমৰেড দ্ৰুপদ বৰগোঁহাইৰ সন্মানাৰ্থে ডাম চাও কমৰেড দ্ৰুপদ বৰগোঁহাই স্মাৰক বক্তৃতানুষ্ঠানত "অসমৰ সাম্প্ৰতিক জাতীয় জাগৰণ সম্ভাৱনা আৰু প্ৰত্যাহ্বান" শীৰ্ষক বক্তৃতা প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ, লেখক, সমালোচক দত্তই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

মৰাণত সাম্প্ৰতিক সময়ৰ জনজাগৰণৰ বাখ্যা অখিল ৰঞ্জন দত্তৰ

আনহাতে তেওঁ উল্লেখ কৰে যে, ‘‘জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই আন্দোলনটো কেনেধৰণে আগবঢ়াই নিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব এই আন্দোলনৰ সময়সীমা । আন্দোলনটো সম্পূৰ্ণ অহিংসাৰে চলাই যাব লাগিব যাতে সাম্প্ৰদায়িক আন্দোলনলৈ পৰ্যবসিত নহয় ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল, পোন প্ৰথমবাৰৰ বাবে অসমৰ বৰ্তমান জনজাগৰণে সৰ্বভাৰতীয় প্ৰেক্ষাপটত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে ৷ এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ সময়ত সৰ্বভাৰত বা বিশ্বজুৰি এটা নেতিবাচক প্ৰতিক্ৰিয়া হৈছিল আৰু সকলোৱে ভাৱিছিল যে, অসম আৰু অসমীয়া লোকসকল সাংঘাটিক ধৰণে জাত্যাভিমানী আৰু সংখ্যালঘু ভাষিক আৰু ধৰ্মৰ প্ৰতি অসহিষ্ণু’’৷

উল্লেখ্য যে, মৰাণহাট টাই অধ্যয়ন আৰু গৱেষণাৰ প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ গিৰিণ ফুকনে সঞ্চালনা কৰা বত্তৃতানুষ্ঠানৰ পূৰ্বে আদৰণি ভাষণ প্ৰদান কৰে ৷ আনহাতে প্ৰতিষ্ঠানটিৰ বিদ্যায়তনিক পৰিষদৰ হৈ ডাঃ বিৰিঞ্চি কুমাৰ গগৈ আৰু কমৰেড দ্ৰুপদ বৰগোহাঁইক জীৱন কৰ্ম ওপৰত প্ৰতিষ্ঠানৰ পৰা প্ৰকাশিত চমু বিবৰণী পাঠ কৰে প্ৰতিষ্ঠানৰ ড৹ বিজয় কৃষ্ণ চেতিয়াই ।

আৰু পঢ়কঃ অসম জ্বলাবলৈ তৎপৰ হৈছে বিজেপি বিধায়ক মৃণাল শইকীয়া

Intro:

প্ৰতিবেদক মৰাণ;২৭ ডিচেম্বৰ:

"নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিলৰ দাবীত ৰাজ্যজুৰি যি আন্দোলন চলিছে এই আন্দোলন সংকোচিত কৰিবলৈ চৰকাৰে বিভিন্ন কূট-কৌশল অৱলম্বন কৰিছে । এই আন্দোলনত প্ৰথমৰে পৰা আগভাগ লোৱা অন্যতম সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদীসকলক চৰকাৰে জগৰীয়া কৰিবলৈ চেষ্টা চলাই আহিছে । জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই আন্দোলনটো কেনেধৰণে আগবঢ়াই নিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব এই আন্দোলনৰ সময় সীমা । আন্দোলনটো সম্পূৰ্ণ অহিংসাৰে চলাই যাব লাগিব যাতে সাম্প্ৰদায়িক আন্দোলনলৈ পৰ্যবষিত নহয় ৷ আনকি কোনো সম্প্ৰদায় বা জনগোষ্ঠীক সংস্থাপন দিবলৈ চৰকাৰে যি চেষ্টা কৰিছে সেই সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধেও কোনো বিৰূপ মন্তব্য কৰাটো উচিত নহ'ব । অসমৰ এই জনজাগৰণত জাতীয়তাবাদ আৰু বাম প্ৰগতিৰ জাতীয় চেতনাবাদ সংযোগ হোৱাটো এটা শুভ লক্ষণ ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল, পোন প্ৰথমবাৰৰ বাবে অসমৰ বৰ্তমান জনজাগৰণে সৰ্বভাৰতীয় প্ৰেক্ষাপটত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে ৷ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ সময়ত সৰ্বভাৰত বা বিশ্বজুৰি এটা নেতিবাচক প্ৰতিক্ৰিয়া হৈছিল আৰু সকলোৱে ভাৱিছিল যে, অসম আৰু অসমীয়া লোকসকল সাংঘাটিক ধৰণে জাত্যাভিমানী আৰু সংখ্যালঘু ভাষিক আৰু ধৰ্মৰলপ্ৰতি অসহিষ্ণু ৷" মৰাণৰ টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ বিদ্যায়তনিক পৰিষদৰ উদ্যোগত আজি বিয়লি প্ৰয়াত জননেতা কমৰেড দ্ৰুপদ বৰগোঁহাইৰ সন্মানাৰ্থে ডাম চাও কমৰেড দ্ৰুপদ বৰগোঁহাই স্মাৰক বক্তৃতানুষ্ঠানত "অসমৰ সাম্প্ৰতিক জাতীয় জাগৰণ : সম্ভাৱনা আৰু প্ৰত্যাহ্বান" শীৰ্ষক বক্তৃতা প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ, লেখক, সমালোচক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অখিল ৰঞ্জন দত্তই এইদৰে কয় ৷ মৰাণহাট টাই অধ্যয়ন আৰু গৱেষণাৰ প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ গিৰিণ ফুকনে সঞ্চালনা কৰা বত্তৃতানুষ্ঠানৰ পূৰ্বে আদৰণি ভাষন প্ৰদান কৰে প্ৰতিষ্ঠানটিৰ বিদ্যায়তনিক পৰিষদৰ হৈ ডাঃ বিৰিঞ্চি কুমাৰ গগৈ আৰু কমৰেড দ্ৰুপদ বৰগোহাঁইক জীৱন কৰ্ম ওপৰত প্ৰতিষ্ঠানৰ পৰা প্ৰকাশিত চমু বিবৰণী পাঠ কৰে প্ৰতিষ্ঠানৰ ড৹ বিজয় কৃষ্ণ চেতিয়াই।

Byte - অখিল ৰঞ্জন দত্ত
Body:ঐConclusion:ঐ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.