মৰাণ, 18 জানুৱাৰী : মৰাণ সমষ্টিৰ বান বিধ্বস্ত লৰুৱা মৌজাৰ মধুপুৰত নৱজ্যোতি মিছং সোঁৱৰণি প্ৰাইজমণি টেনিছ বল-ক্ৰিকেট টুৰ্নামেণ্ট প্ৰতিযোগিতাৰ আয়োজন ৷ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ বান বিধ্বস্ত লৰুৱা মৌজাৰ মধুপুৰ থেকেৰা পুখুৰী খেল পথাৰত কমলা মিৰি সংঘৰ সৌজন্যত সোমবাৰৰ পৰা আৰম্ভ হৈছে নৱজ্যোতি মিছং সোঁৱৰণি প্ৰাইজমণি টেনিছ বল-ক্ৰিকেট টুৰ্নামেণ্ট প্ৰতিযোগিতা ।
![prize-money-tennis-ball-cricket-competition-at-moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10291074_qq.jpg)
ক্ৰিকেট টুৰ্নামেণ্ট প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তথা যুৱনেতা অসীম হাজৰিকাই । উল্লেখ্য যে, মধুপুৰ অঞ্চলৰে যুৱক তথা ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই অঞ্চলটোৰ প্ৰতিটো সমস্যাতে অঞ্চলবাসীক সংগ দিয়াৰ লগতে মৰাণ সমষ্টিৰ ৰাইজৰ সৈতে ৰাজনীতিত যোগদান কৰাৰ পূৰ্বৰে পৰা বিভিন্ন ধৰণৰ উন্নয়নমূলক কামৰ সৈতে জড়িত হৈ আছে ।
![prize-money-tennis-ball-cricket-competition-at-moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10291074_22.jpg)
মধুপুৰবাৰী ৰাইজে যুৱনেতাজনৰ জৰিয়তে খেল উদ্বোধন কৰাবলৈ পাই আনন্দ প্ৰকাশ কৰি অঞ্চলটোৰ ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে । আনহাতে, ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ ক্ৰিকেট দলৰ লগতে ধেমাজি, লখিমপুৰ আদি ঠাইৰ পৰাও এই টুৰ্নামেণ্টত অংশগ্ৰহণ কৰে ।
![prize-money-tennis-ball-cricket-competition-at-moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10291074_44.jpg)
লগতে পঢ়ক : ধৰ্মনিৰপেক্ষতাৰ নাম লৈ ধৰ্মীয় উন্মাদনা সৃষ্টি কৰাসকলক হুংকাৰ হিন্দু সংগঠনৰ