ETV Bharat / state

উজনিলৈ আহি আছে কেইবাজনো কংগ্ৰেছী ষ্টাৰ কেম্পেইনাৰ - politics

শুকুৰবাৰে ডিব্ৰুগড়ত এক সংবাদমেল সম্বোধন কৰি অল ইণ্ডিয়া কংগ্ৰেছ কমিটি(AICC)ৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায়ে অসমলৈ আগমন ঘটিবলগা কংগ্ৰেছী ষ্টাৰ কেম্পেইনাৰৰ বিষয়ে অৱগত কৰে ৷

উজনিলৈ আহি আছে কেইবাজনো কংগ্ৰেছী ষ্টাৰ কেম্পেইনাৰ

author img

By

Published : Mar 12, 2021, 5:37 PM IST

ডিব্ৰুগড়, 12 মাৰ্চ: অসমলৈ আহি আছে প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী সহ কেইবাজনো কংগ্ৰেছী ৰথী-মহাৰথী । প্ৰথম পৰ্য্যায়ৰ ভোটদান প্ৰক্ৰিয়াৰ প্ৰাকক্ষণত তথা নিৰ্বাচনৰ প্ৰচাৰ সীমাৰ শেষ তাৰিখ 25 মাৰ্চৰ পূৰ্বে উজনিৰ বহু ঠাইত জনসভা সম্বোধন কৰিবলৈ আহিব কংগ্ৰেছৰ এইসকল ৰাষ্ট্ৰীয় নেতৃত্ব ৷ উজনিৰ লগতে নামনিতো প্ৰচাৰ চলাব কংগ্ৰেছী এইসকল ষ্টাৰ কেম্পেইনাৰে ।

উজনিলৈ আহি আছে কেইবাজনো কংগ্ৰেছী ষ্টাৰ কেম্পেইনাৰ

এফালে 20 মাৰ্চত উজনিৰ চাবুৱা আৰু কেইবা ঠাইত মোডীৰ আগমন, আনফালে একে সময়তে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীসহ কেন্দ্ৰীয় নেতাৰ ভ্ৰমণ । চাহ বাগিছাৰ শ্ৰমিক মহিলা সকলৰ মাজত উপস্থিত হৈ প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে ৷ আনহাতে, উজনিৰ 9 খন জিলাতেই প্ৰচাৰৰ চেষ্টা চলাব কংগ্ৰেছী নেত্ৰীগৰাকীয়ে ৷

প্ৰাপ্ত তথ্য অনুসৰি, ৰাহুল গান্ধীয়ে অসমৰ যুৱ শক্তিক একত্ৰিত কৰি চলাব প্ৰচাৰ । ইফালে শনিবাৰে উপস্থিত হ’ব ছত্তীশগড়ৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী ভূপেছ বাঘেল । চাৰি দিন অসমত থাকি চলাব কংগ্ৰেছৰ হৈ প্ৰচাৰ, সম্বোধন কৰিব জনসভা । লগতে অসমলৈ প্ৰচাৰ চলাবলৈ আহিব প্ৰভাৰী জিতেন্দ্ৰ সিঙো । শুকুৰবাৰে ডিব্ৰুগড়ত এক সংবাদমেল যোগে এই কথা সদৰি কৰিছে অল ইণ্ডিয়া কংগ্ৰেছ কমিটি(AICC)ৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায়ে ৷

লগতে পঢ়ক: কোনেও প্ৰক্ষেপ কৰা নাই 'মুখ্যমন্ত্ৰী' পদৰ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.