মৰাণ, 7 মে’ : কংগ্ৰেছৰ একাংশ নেতাই দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ পৰাজিত হ'ল । প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি, জ্যেষ্ঠ নেতা পৃথিৱী মাঝিৰ চিপৰাং মৰা ৰাজনীতিৰ বাবেই জয়ী হ'ল বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকা । এই অভিযোগ উত্থাপন কৰিছে লাহোৱাল ব্লক কংগ্ৰেছে ৷ তদুপৰি পৃথিৱী মাঝিৰ পুত্ৰ তথা ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদীপ মাঝিয়ে বিজেপিৰ হৈ কাম কৰাৰ তথ্য প্ৰমাণ লাভ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লাহোৱাল ব্লক কংগ্ৰেছে ।
শুকুৰবাৰে লাহোৱাল ব্লক কংগ্ৰেছৰ ফালৰ পৰা সংবাদমেলৰ আয়োজন কৰি প্ৰদীপ মাঝিক দলীয় বিষয়বাবৰ পৰা ছয় বছৰৰ বাবে বহিস্কাৰ কৰা হৈছে । আনহাতে দল বিৰোধী কাৰ্যত লিপ্ত থকাৰ বাবেই কংগ্ৰেছৰ ৰেখা মাঝি, লক্ষেশ্বৰ মাঝি, ব্ৰজেন গগৈ, শিও কুমাৰ যাদৱ, অসীম শইকীয়া, দয়া গগৈ, লক্ষেশ্বৰ তিগ্গা, প্ৰণতি দাস, ঋতুৰাজ গগৈ, মন্দিৰা কোঁৱৰ বৈদ্য আৰু বিমল হাজৰিকাক ছয় বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰা হৈছে ।
লগতে পঢ়ক: খিলঞ্জীয়াৰ মাজত ভেটি উচন হ'ল নেকি কংগ্ৰেছৰ !