ETV Bharat / state

Indigenous People of Myung Dong Chun Kha : সমষ্টি পুনৰ নিৰ্ধাৰণ খিলঞ্জীয়াৰ পৰিপন্থী - ইণ্ডিজেনাচ পিপুল অৱ ম্যুং ডং চুন খামৰ সংবাদ মেল

অসমৰ খিলঞ্জীয়াসকলৰ অধিকাৰৰ দাবীত সংবাদমেলৰ আয়োজন ইণ্ডিজেনাচ পিপুল অৱ ম্যুং ডং চুন খাম , আসামৰ ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা সংগঠনটোৰ ৷

Press meet of Indigenous People of Myung Dong Chun Kham
ইণ্ডিজেনাচ পিপুল অৱ ম্যুং ডং চুন খামৰ সংবাদ মেল
author img

By

Published : Jun 26, 2023, 11:57 AM IST

ইণ্ডিজেনাচ পিপুল অৱ ম্যুং ডং চুন খামৰ সংবাদ মেল

ডিব্ৰুগড়, 26 জুন : ডিব্ৰুগড় জিলাৰ টিংখাঙত ' ইণ্ডিজেনাচ পিপুল অৱ ম্যুং ডং চুন খাম, আসামে আয়োজন কৰে এখন বিশেষ সংবাদ মেলৰ । দেওবাৰে বিয়লি টিংখাং প্ৰাথমিক শিক্ষক ভৱনত অনুষ্ঠিত হোৱা সংবাদমেলযোগে অসমৰ খিলঞ্জীয়াসকলৰ এখন পূৰ্ণ তালিকা প্ৰকাশ কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় সংগঠনটোৱে । সংগঠনটোৱে সংবাদমেলত কয় যে, ৰাষ্ট্ৰসংঘৰ নীতি অনুসৰি 1826 চনৰ 24 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ঐতিহাসিক ইয়ান্ধাবু সন্ধিৰ সময়ত অসমত থকা সকলো জাতি-জনগোষ্ঠীয়েই হৈছে অসমৰ প্ৰকৃত খিলঞ্জীয়া । ৰাষ্ট্ৰসংঘৰ দ্বাৰা মান্যতাপ্ৰাপ্ত খিলঞ্জীয়াৰ আধাৰত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ এখন তালিকা প্ৰকাশ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী তোলে সংগঠনটোৱে । যাতে খিলঞ্জীয়াসকলে প্ৰকৃত সা-সুবিধাৰ পৰা বঞ্চিত নহয় আৰু অ-খিলঞ্জীয়া লোকে খিলঞ্জীয়াৰ সা-সুবিধাসমূহ পাব নোৱাৰে ।

আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা চৰকাৰে খিলঞ্জীয়াৰ পৰিপন্থী কামহে কৰিছে বুলি উল্লেখ কৰে সংগঠনটোৱে । নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত চুপ্ৰিম কৰ্টত গোচৰ চলি থকা সময়ত ইয়াৰ ৰায় প্ৰদান নকৰা পৰ্যন্ত, 51 চনৰ ভিত্তিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ ভিত্তিহীন বুলি সংবাদমেলত উল্লেখ কৰে । সংবাদমেলত ন্যায্য দাবীত কৰা অসমীয়াৰ গণতান্ত্ৰিক আন্দোলন, আবেদন নিবেদন চৰকাৰে বিভিন্ন কুট-কৌশলেৰে নৎসাত কৰি অহা বুলি উল্লেখ কৰাৰ লগতে বিজেপি চৰকাৰৰ বিভিন্ন সিদ্ধান্তত খিলঞ্জীয়া বিৰোধী নীতি আৰু স্থিতি স্পষ্ট হৈছে বুলি মত প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে, খিলঞ্জীয়াৰ স্বাৰ্থত ইণ্ডিজেনাচ পিপুল অৱ ম্যুং-ডং-চুন-খাম আসামৰ তৰফৰ পৰা এটা দলে কিছুদিন পূৰ্বে থাইলেণ্ডত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ বিশেষ বৈঠকত প্ৰতিনিধিত্ব কৰি অসমৰ খিলঞ্জীয়াসকলৰ বিভিন্ন অভাৱ-অভিযোগ, দাবী সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ আগত প্ৰতিবেদন দাখিল কৰে । দেওবাৰে থাইলেণ্ডলৈ যোৱা পাঁচজনীয়া দলটোক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক : Feliciation programme by AASU : কৃতী শিক্ষাৰ্থীলৈ আছুৰ সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.