ETV Bharat / state

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণৰ দাবীৰে চাবুৱাত সংবাদমেল

author img

By

Published : Dec 27, 2020, 8:19 AM IST

শনিবাৰে টি এম পি কে, এম এম কে, টি এম এম কেৰ তিনিচুকীয়া জিলা সমিতি আৰু দধিয়া-লাইকা পুনৰ সংস্থাপন দাবী সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ তথা দধিয়া-লাইকাবাসী ৰাইজৰ পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰে চাবুৱাৰ দল-সংগঠনে ৷

Press meet for  reservation of Dibru saikhowa National park and Dadhia laika people
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণৰ দাবীৰে চাবুৱাত সংবাদমেল

মৰাণ,27 ডিচেম্বৰ: ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ তথা দধিয়া-লাইকাবাসী ৰাইজৰ পুনৰ সংস্থাপনৰ দাবীৰে চাবুৱাত দল-সংগঠনৰ সংবাদমেল ৷ শনিবাৰে টি এম পি কে, এম এম কে, টি এম এম কেৰ তিনিচুকীয়া জিলা সমিতি আৰু দধিয়া-লাইকা পুনৰ সংস্থাপন দাবী সমিতিৰ যৌথ উদ্যোগত এখন সংবাদমেল আয়োজন কৰা হয় ৷ সংবাদমেল যোগে মুখ্যমন্ত্ৰীলৈ বিভিন্ন দাবী উত্থাপন কৰি কয় যে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ তথা দধিয়া-লাইকাবাসী ৰাইজৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে যিকোনো পৰিস্থিতিতে আগন্তুক দিনত ডিব্ৰু-ছৈখোৱা ধ্বংস হোৱাৰ লগতে দধিয়া-লাইকাবাসী ৰাইজে আত্মহত্যা কৰিব পাৰে ৷

যাৰ বাবে অতি সোনকালে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে ৷ অন্যথা যিকোনো পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰী গৰাকী দায়ী হ'ব বুলিও মন্তব্য কৰে ৷ টি এম পি কেৰ কেন্দ্ৰীয় উপ-সভাপতি মিন্টু ৰাজ মৰাং, তিনিচুকীয়া জিলা সমিতিৰ সহকাৰী সম্পাদক অজয় দলে উপস্থিত থাকি সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰে।

লগতে পঢ়ক: দৰঙৰ ২২০ টা নামঘৰলৈ অসম দৰ্শন আঁচনিৰ অধীনত আৰ্থিক অনুদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.