ETV Bharat / state

Non Provincialized Teacher Employee Association: প্ৰাদেশীকৰণৰ দিশে অপ্ৰাদেশীকৃত বিদ্যালয় - প্ৰাদেশীকৰণ হ’ব অপ্ৰাদেশীকৃত বিদ্যালয়

অৱশেষত মুখত হাঁহি বিৰঙিল অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলৰ (Non Provincialized Teacher Employee Association) ৷ শীঘ্ৰেই বিগত ২০০৬ চনৰ 1 জানুৱাৰীৰ আগত স্থাপিত যিমান শিক্ষানুষ্ঠান আছে সকলো শিক্ষানুষ্ঠানকে প্ৰাদেশীকৃত কৰিব বুলি এক আশ্বাসো প্ৰদান মুখ্যমন্ত্ৰীৰ ৷

press-meet-by-non-provincialised-teacher-association-in-dibrugarh
শীঘ্ৰেই প্ৰাদেশীকৰণ হ’ব অপ্ৰাদেশীকৃত বিদ্যালয়
author img

By

Published : Nov 2, 2022, 10:09 PM IST

Updated : Nov 2, 2022, 10:21 PM IST

ডিব্ৰুগড়, 2 নৱেম্বৰ: বিগত ২০ অক্টোবৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাই (Non Provincialized Teacher Employee Association) এক আলোচনাত মিলিত হৈছিল ৷ এই আলোচনাৰ পিছতে আনন্দিত হৈ পৰিছে অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকল ।

শীঘ্ৰেই প্ৰাদেশীকৰণ হ’ব অপ্ৰাদেশীকৃত বিদ্যালয়

বুধবাৰে মৰাণৰ মন্দাকিনী হোটেলত এক সংবাদমেল আয়োজন কৰি অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ নেতৃত্বই ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (Press meet in Dibrugarh) । মুখ্যমন্ত্ৰীৰ সৈতে অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ নেতৃত্বৰ হোৱা আলোচনাত মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবোৰ আশ্বাস দিছিল বুলি সন্থাৰ নেতৃত্বই সংবাদমেলত সদৰী কৰে ৷

মুখ্যমন্ত্ৰীয়ে বিগত ২০০৬ চনৰ 1 জানুৱাৰীৰ আগতে স্থাপিত যিমান বিলাক শিক্ষানুষ্ঠান আছে সকলো শিক্ষানুষ্ঠানকে প্ৰাদেশীকৃত কৰিব বুলি এক আশ্বাসো প্ৰদান কৰিছিল এই আলোচনা যোগে ৷ ইয়াৰ উপৰিও ২০১৩ আৰু ২০২১ চনত বাদ পৰি ৰোৱা শিক্ষকসকলকো এৰা-ধৰা মাধ্যমেৰে কিছু ভাল খবৰ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ ১০ জনীয়া দলটোক অৱগত কৰিছিল বুলি জানিবলৈ দিয়ে অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ নেতৃত্ববৃন্দই ৷

তাৰ পিছতেই আনন্দ প্ৰকাশ কৰিছে শিক্ষকসকলে ৷ উল্লেখযোগ্য যে, প্ৰাদেশীকৰণৰ দাবীৰে সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাই বিগত কেবাদিন ধৰি কেইবালানিও আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল । এই আন্দোলনৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অপ্ৰাদেশীকৃত শিক্ষকসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পোষকতা কৰিছিল ।

ইয়াৰ লগতে এই সংবাদমেল যোগে চৰকাৰৰ এনে অন্যায়, এনে বঞ্চনা আৰু প্ৰতাৰণাৰ বলি হৈ প্ৰায় ৪ শতাধিক শিক্ষাগুৰুৱে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগা হৈছে বুলি উল্লেখ কৰি (Teacher threats suicide in Assam) সেইসকলক স্মৰণ কৰে অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাই ৷

উল্লেখ্য যে, বিগত 5 ছেপ্টেম্বৰ তথা শিক্ষক দিৱসৰ পূৰ্বেই(Teachers day 2022) বিদ্যালয় প্ৰাদেশিকীকৰণক লৈ মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনাৰ দাবী জনাইছিল সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সন্থাই । অন্যথা অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সন্থাই একেলগে আত্মহত্যা কৰাৰ হুংকাৰ প্ৰদান কৰিছিল ।

লগতে পঢ়ক: Cuentos De La Abuela: স্পেনিছ ভাষাতো প্ৰকাশ পালে ৰসৰাজৰ বুঢ়ী আইৰ সাধু

Last Updated : Nov 2, 2022, 10:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.