ETV Bharat / state

Press Meet of Bhupen Borah : এবেলাৰ বাবে ভূপেন বৰাৰ সৈতে চাহ বাগিচা অঞ্চল পৰিদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান - মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান

ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ মুখ্যমন্ত্ৰীক সমালোচনা কৰি ভূপেন বৰাই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পাঁচখন বাগিচাৰ উন্নয়নৰ নমুনা প্ৰত্যক্ষ কৰিবলৈ আহ্বান জনায় ৷ লগতে ভূপেন বৰাৰ সৈতে বাগিচা পৰিদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় ৷

Press Conference of APCC President Bhupen Borah
ডিব্ৰুগড়ত সংবাদমেল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 8:15 PM IST

মুখ্যমন্ত্ৰীক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

ডিব্ৰুগড়, 4 ছেপ্টেম্বৰ : সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ককাঁলত টঙালি বান্ধিছে অসম প্ৰদেশ কংগ্ৰেছে ৷ চাহ বাগিচাৰ হেৰওৱা ভেঁটি পুনৰ উদ্ধাৰৰ বাবে বাগিচাই বাগিচাই কংগ্ৰেছে আৰম্ভ কৰিছে বাগানে বাগানে কংগ্ৰেছ শীৰ্ষক এক অভিযান ৷ উজনি অসমত বাহৰ পাতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নেতৃত্ব দিছে বাগিচাই বাগিচাই কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণত ৷

কংগ্ৰেছৰ এই কাৰ্যসূচীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি শাসক দলৰ সকলো নেতা-মন্ত্ৰীয়ে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ এটা দিনৰ পূৰ্বে কংগ্ৰেছৰ এই কাৰ্যসূচীক মুখ্যমন্ত্ৰীগৰাকীয়ে সমালোচনা কৰি বাগানত সকলো ধৰণৰ উন্নয়ন সাধন কৰা হৈছে বুলি উল্লেখ কৰা সম্পৰ্কত ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই ৷ মুখ্যমন্ত্ৰীক সমালোচনা কৰি ভূপেন বৰাই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পাঁচখন বাগিচাৰ উন্নয়নৰ নমুনা প্ৰত্যক্ষ কৰিবলৈ আহ্বান জনায় ৷ লগতে ভূপেন বৰাৰ সৈতে বাগিচা পৰিদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় ৷

লগতে উজ্বলা আঁচনিয়ে কাক উজ্বলালে বুলি প্ৰশ্ন উত্থাপন কৰি বাগিচাৰ ৰাইজে এতিয়া এই আঁচনিৰ নাম দিছে নজ্বলা আঁচনি দিছে বুলি কয় ভূপেন বৰাই ৷ তেওঁ কয় যে, মোকালবাৰী চাহ বাগিচাৰ ৰাইজ গৰাখহনীয়াত বিধ্বস্ত হৈ পৰিছে ৷ মাত্ৰ দুই কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিবলৈ চৰকাৰৰ সদিচ্ছা নাই ৷ টেঙাপানী বাগিচাত ৰাস্তা-ঘাটৰ অৱস্থা মুখ্যমন্ত্ৰীয়ে এবাৰ নিজে প্ৰত্যক্ষ কৰক বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৷ প্ৰসংগক্ৰমে ভূপেন বৰাই বাগিচাখনৰ ৰাহুল তাঁতী নামৰ ব্যক্তিজনৰ ঘৰত ভাত খাবলৈ নিমন্ত্ৰণ জনাইছিল বুলি উল্লেখ কৰি ৰাস্তাৰ দুৰাৱস্থাৰ বাবে দুঘণ্টা পলমকৈহে এখন মিটিঙত উপস্থিত হৈছিলোগৈ বুলিও উল্লেখ কৰে ৷ সমগ্ৰ পথছোৱা দুই কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়ি যাবলগীয়া হৈছিল বুলি কয় তেওঁ ৷

কংগ্ৰেছ নেতাজনে কয় যে, চাহ বাগিচাত শ্ৰমিক সকলৰ গৃহত বিদ্যুৎ সংযোগ ঠিকেই দিয়া হৈছে ৷ কিন্তু অধিকাংশতে বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছে ৷ কাৰণ অত্যাধিক বিলৰ ধন আদায় দিব নোৱাৰে চাহ শ্ৰমিকে ৷ লগতে কয়, লোকসভা নিৰ্বাচনৰ পূৰ্বে বাগিচাৰ ৰাইজৰ বাবে চৰকাৰে ভোটৰ আশাত বিনামূলীয়াকৈ গেছ যোগান ধৰিব ৷ দুই এমাহৰ বিদ্যুৎ বিল ৰেহাই দি পুনৰ বিদ্যুৎ সংযোগ প্ৰদান কৰিব ৷ মই আগতীয়াকৈ কৈছোঁ বুলি কয় তেওঁ ৷

মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছৰ সভাত বাগিচাৰ 100-150 মানুহ গোট খায় বুলি কোৱা প্ৰসংগত এয়া নিৰ্বাচনতহে নিশ্চিত হ'ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমি চৰকাৰী আঁচনিৰ লিষ্টৰ পৰা নাম কৰ্তনৰ ভয় দেখুৱাই, ডিটিঅক ফোন কৰি গাড়ী অধিগ্ৰহণ কৰি মানুহ গোটাব নোৱাৰো বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

লগতে পঢ়ক : Bagane Bagane Congress : বাগিচাই বাগিচাই 'কৰ্ণাটক মডেল’ৰ প্ৰতিশ্ৰুতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.