ETV Bharat / state

Erosion in Chabua : মামা এবাৰ আহি আমাক চাই যাওক, খহনীয়াগ্ৰস্তৰ প্ৰাৰ্থনা - Erosion in Chabua

কান্দোনত ভাগি পৰিছে চাবুৱাৰ ৰাইডাঙবাসী । কেমেৰাৰ সন্মুখতে কান্দি কান্দি মহিলাসকলে মুখ্যমন্ত্ৰীত কাতৰ আহ্বান জনাইছে (People affected by erosion appeal to CM)। খহনীয়াই ভয়ংকৰ ৰূপ লোৱা অঞ্চলটোত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে ।

Erosion in Chabua
মামা এবাৰ আহি আমাক চাই যাওক
author img

By

Published : Oct 28, 2022, 1:44 PM IST

মৰাণ,২৮ অক্টোবৰ : চলিত বছৰত বানে সমগ্ৰ অসমবাসীকে এক প্ৰকাৰ জুৰুলা কৰিছে (Flood effects Assam)। বান আৰু গৰাখহনীয়াৰ কবলত পৰিছে ৰাজ্যখনৰ লাখ লাখ লোক । ঘৰ-বাৰী হেৰুৱাই সৰ্বস্বান্ত হৈছে হাজাৰ হাজাৰ পৰিয়াল । বৰ্তমানো বহু স্থানত অব্যাহত আছে নৈৰ ভয়ংকৰ গৰাখহনীয়া ।

ডিব্ৰুগড়ৰ চাবুৱাত গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈছে (Erosion in Dibrugarh)। খহনীয়াৰ কবলত পৰা লোকসকলৰ মাজত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে । চাবুৱাৰ ৰাইডাঙত বিধ্বংসী ৰূপ লোৱা খহনীয়াৰ বাবে আজি কেমেৰাৰ সন্মুখতে উচুপি উঠিছে ভুক্তভোগী লোকসকল (Massive erosion in Chabua)। মুখ্যমন্ত্ৰীৰ ওচৰত সহায় ভিক্ষা খুজিছে ভুক্তভোগী জনতাই ।

মামা এবাৰ আহি আমাক চাই যাওক, খহনীয়াগ্ৰস্তৰ প্ৰাৰ্থনা

উল্লেখ্য যে চাবুৱাৰ ৰাইডাং অঞ্চলত ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ ভয়াৱহ খহনীয়া অব্যাহত আছে । খহনীয়াৰ কবলত পৰি অঞ্চলটোৰ কেইবাটাও পৰিয়ালে ইতিমধ্যে ঘৰ-মাটি সকলো হেৰুৱাইছে । ৰাইডাঙৰ অস্তিত্ব সম্প্ৰতি সংকটত । ক'ত যাব , কি কৰিব ভাবি, চিন্তিত হৈ পৰিছে ৰাইডাংবাসী । উপায়বিহীন ৰাইডাংবাসীয়ে ব্ৰহ্মপুত্ৰৰ পাৰত নিশা সমৱেত হৈ চাকি, মম জ্বলাই নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছে (Erosion affected people pray)।

কীৰ্তন পাঠ কৰাৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ভগৱান সজাই প্ৰাৰ্থনা কৰিছে লোকসকলে । এই বিপদৰ পৰা মুক্ত কৰি দিবলৈ মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে খহনীয়াগ্ৰস্ত ৰাইজে (Prayers to Assam CM of people affected by erosion)।

ৰাইডাঙত অব্যাহত থকা গৰাখহনীয়া সমস্যাৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনাইছে ৰাইজে (People affected by erosion appeal to CM)। অৱশ্যে ৰাইজৰ এই কাতৰ আহ্বানৰ প্ৰতি চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীয়ে কিধৰণে সঁহাৰি দিয়ে সেয়া সময়েহে ক'ব ।

উল্লেখ্য যে কিছুদিনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাবুৱাৰ কেইবাটাও খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজক খহনীয়া প্ৰতিৰোধ কৰাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অতি সোনকালে ব্যৱস্থা ল'ব বুলি আশ্বাস দিছিল । কিন্তু কেন্দ্ৰীয় মন্ত্ৰীৰ এই আশ্বাসে শান্ত কৰিব পৰা নাই চাবুৱাৰ ৰাইডাঙৰ দুৰ্ভগীয়া লোকসকলক । এতিয়াও অঞ্চলটোৰ বহু পৰিয়ালে ঘৰ-বাৰী এৰি অতি সাধাৰণভাৱে শিবিৰ স্থাপন কৰি দিন কটাইছে । কিন্তু এতিয়ালৈ চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে ।

লগতে পঢ়ক :Dense fog in Brahmaputra: ঘন কুঁৱলীৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ ৰ’পেক্স ফেৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.