ETV Bharat / state

গদ্য শৈলীৰ দিশত বেজবৰুৱাৰ সমপৰ্যায়ৰ আছিল হোমেন বৰগোহাঞি: প্ৰহ্লাদ তাছা - প্ৰহ্লাদ তাছা

বেজবৰুৱাৰ পাছতেই গদ্য শৈলীৰ ফালৰ পৰা আমি স্থান দিব পাৰো হোমেন বৰগোহাঞিক ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ তাছাই শোক প্ৰকাশ কৰি হোমেন বৰগোহাঞিৰ মৃত্যুত এইদৰে মন্তব্য কৰিলে ৷

prahlad-tasa-reactes-on-borgohains-death
গদ্য শৈলীৰ দিশত বেজবৰুৱাৰ সমপৰ্যায়ৰ আছিল হোমেন বৰগোহাঞি : প্ৰহ্লাদ তাছা
author img

By

Published : May 12, 2021, 5:33 PM IST

ডিব্ৰুগড়,12 মে’: "লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ গদ্য শৈলীৰ সৈতে সমানে ফেৰ মাৰিব পৰা বা সম পৰ্যায়ৰ এক গদ্য শৈলীৰ অধিকাৰী আছিল হোমেন বৰগোহাঞিদেৱ । গতিকে বেজবৰুৱাৰ পাছতেই গদ্য শৈলীৰ ফালৰ পৰা আমি বৰগোহাঞিদেৱক স্থান দিব পাৰো''- অসমীয়া সমাজ জীৱনৰ মহীৰূহ হোমেন বৰগোহাঞিৰ মৃত্যুত এইদৰে শোক প্ৰকাশ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ তাছাই ।

গদ্য শৈলীৰ দিশত বেজবৰুৱাৰ সমপৰ্যায়ৰ আছিল হোমেন বৰগোহাঞি : প্ৰহ্লাদ তাছা

তেখেতৰ কবিতা অসমীয়া সাহিত্যৰ মণি-মুকুতা স্বৰূপ, তেখেতৰ গদ্য অতুলনীয়, অনুকৰণীয়, অনুপম বুলি মন্তব্য কৰি তাছাই কয় যে, তেওঁৰ বিয়োগ কেৱল মাত্ৰ সাহিত্য অথবা সংবাদ জগতৰ বাবেই নহয় অসমীয়া জাতীয় জীৱনৰ বাবেও অপূৰণীয় ক্ষতি ।তেখেতৰ স্থান পূৰণ কৰাতো বহু দিনলৈ সম্ভৱপৰ নহ'ব ।

অসম সাহিত্য সভাৰ মজিয়াত পোৱা সান্নিধ্যৰ কথা উল্লেখ কৰি প্ৰহ্লাদ তাছাই ক'লে, "তেওঁৰ সৈতে মোৰ সম্পৰ্ক দীৰ্ঘদিনীয়া আছিল । বৰগোহাঞিৰ বিশ্বকোষৰ প্ৰচেষ্টাৰ শলাগ লৈ বিশিষ্ট লেখক গৰাকীয়ে হোমেন বৰগোহাঞিৰ বিশ্বকোষ প্ৰকাশৰ প্ৰচেষ্টাক আগুৱাই লৈ যাবলৈ সাহিত্য সভাক অনুৰোধ জনায়" ৷

লগতে পঢ়ক: কিয় টীয়কত মাটি কিনাৰ মন মেলিছিল হোমেন বৰগোহাঞিয়ে?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.