মৰাণ, 19 আগষ্ট: অনুন্নত বাট-পথৰ বাবে আজিও জিয়াতু ভুগীবলগীয়া হৈছে ৰাজ্যৰ বহু অঞ্চলে ৷ এইখন অসমতে আছে বাট-পথ নথকাৰ বাবেই এম্বুলেঞ্চ পৰ্য্যন্ত যাব নোৱাৰা বহু অঞ্চল ৷ অনুন্নত বাট-পথৰ বাবেই সময়ে সময়ে ৰোগীৰ জীৱনৰ প্ৰতিও ভাবুকি অহা পৰিলক্ষিত হয় ৷
শেহতীয়াকৈ পোহৰলৈ আহিছে চৰকাৰৰ কৃপাদৃষ্টিৰ পৰা বঞ্চিত টিংখাঙৰ এটা পথ (Poor Road Conditions at Tingkhang)। উন্নয়নৰ ঢাক ঢোল বজোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত সুচল যাতায়ত ব্যৱস্থাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে টিংখাঙৰ জনতাই । আচলতে পথ নে পথাৰ ধৰিবকে নোৱাৰি । টিংখাং চাহ বাগিচাৰ পৰা দিৰৈচুক হৈ টিংখাং-নামৰূপ ঘাইপথ সংযোগী প্ৰায় ৪ কিঃমিঃ দৈৰ্ঘ্যৰ পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে স্থানীয় ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷
এই জৰাজীৰ্ণ পথটোৱেদি ৩ নং টিপমীয়া, দিৰৈচুক আদি গাঁৱৰ বাসিন্দাসকলে নিতৌ অহা-যোৱা কৰে । পথটোত থকা কালভাৰ্টটোৱে এতিয়া জিয়াতু ভোগাইছে অঞ্চলবাসী ৰাইজক। প্ৰায় ৫ মাহ পূৰ্বে স্থাপন কৰা কালভাৰ্টটো এতিয়া এনেদৰেই জহি-খহি গৈছে । নদীৰ গৰা চপৰা চপৰে এৰিছে পথৰ কোনো কোনো অংশত ।
যাৰ বাবে এতিয়া পথচোৱাৰে যাতায়ত প্ৰায় অসম্ভৱ হৈ পৰিছে । পথটোৰ এনে অৱস্থাত চাৰিচকীয়া বাহন নাইবা এম্বুলেঞ্চ সোমাব নোৱাৰাৰ বাবে ৰোগী আৰু প্ৰসূতিসকলে দুৰ্ভোগ ভোগ কৰি আহিবলগীয়া হৈছে । আনহাতে বিদ্যালয়লৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰতো চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল।
ইফালে বিধস্ত পথটোৰ বাবেই গাঁওখনৰ কৃষক আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলো যথেষ্ট সমস্যাৰ সম্মুখীন হ'বলগীয়া হয়। পথটো নিৰ্মাণৰ বাবে গাঁওবাসীয়ে বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই । যাৰবাবে পথটো অতি শীঘ্ৰে নিৰ্মাণ কৰি অঞ্চলবাসীয়ে সন্মুখীন হৈ অহা দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিৰ প্ৰতি আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ৷
লগতে পঢ়ক: দুৱৰা আলিৰ দুৰৱস্থা: ভুঁই ৰুই ৰাইজৰ প্ৰতিবাদ