ETV Bharat / state

খোৱাং গাঁওপঞ্চায়তৰ মইনা গাঁৱৰ মূল পথে জলা-কলা খুৱাইছে স্থানীয় লোকক - জ্বলা কলা খুৱাইছে স্থানীয় লোকক

বিধায়ক চক্ৰধৰ গগৈয়ে সামাজিক মাধ্যমত সমষ্টিৰ উন্নয়নৰ কথা কৈ থকাৰ সময়তে খোৱাং গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ মইনা গাঁৱৰ মূল পথটোৱে উদঙাইছে উন্নয়নৰ প্ৰকৃত ছবিখন ৷ পথটোৰ উন্নয়নৰ বাবে কাম কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিলৈকে কোনো কাম নকৰিলে বিধায়ক গৰাকীয়ে ৷ যাৰ বাবে গাঁৱৰ ৰাইজে বাৰিষাৰ একাঁঠু বোকাত অতি কষ্টৰে যাতায়ত কৰিবলগীয়া হয় ৷

Poor condition of road in Moran
খোৱাং গাঁওপঞ্চায়তৰ মইনা গাঁৱৰ মূল পথে জ্বলা কলা খুৱাইছে স্থানীয় লোকক
author img

By

Published : Dec 25, 2020, 2:26 PM IST

মৰাণ,25 ডিচেম্বৰ : ৰাজ্যত পৰিবৰ্তনৰ ৰঙীন বিজ্ঞাপনে সকলোকে আকৰ্ষিত কৰিছে । কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ মৰাণ সমষ্টিৰ ৰাইজে উন্নয়ন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । বিধায়ক চক্ৰধৰ গগৈয়ে সামাজিক মাধ্যমত সমষ্টিৰ উন্নয়ন হোৱা বুলি প্ৰচাৰ কৰিলেও প্ৰকৃততে মৰাণত উন্নয়ন বৃহৎ শূন্য । কেৱল কমিচনৰ অংকত ব্যস্ত থকা বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টিৰ গ্ৰাম্য উন্নয়নয়ত অলপো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ সমষ্টিবাসীৰ । মৰাণ সমষ্টিৰ খোৱাং গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ মইনা গাঁৱৰ মূল পথটো আজিও জৰাজীৰ্ণ হৈ থাকিল ।

Poor condition of road in Moran
খোৱাং গাঁওপঞ্চায়তৰ মইনা গাঁৱৰ মূল পথে জ্বলা কলা খুৱাইছে স্থানীয় লোকক

বিধায়ক চক্ৰধৰ গগৈয়ে বিধায়ক হোৱাৰ আগতে পথটোৰ উন্নয়নৰ বাবে কাম কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিও বিধায়ক জনে ৫ বছৰে গাঁৱৰ ৰাইজৰ সমস্যাৰ বুজ ল'বলৈ সময়ে নাপালে । ৰাইজে বহু বাৰ বিধায়ক জনক মূল পথটো উন্নয়নৰ বাবে দাবী জনাইছিল যদিও ৰাইজৰ সমস্যাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিলে ।

ফলত ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁৱৰ ৰাইজে বাৰিষাৰ একাঁঠু বোকাত অতি কষ্টৰে যাতায়ত কৰিবলগীয়া হয় । গাঁও খনৰ প্ৰায় ২ কিলোমিটাৰৰ মূল পথটো উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা বিধায়ক চক্ৰধৰ গগৈৰ কামকাজক লৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ।

লগতে পঢ়ক: কৃষক সন্মান নিধি সভাত পৰ্যাপ্ত সুবিধা নোপোৱা অভিযোগ আমগুৰি কৃষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.