মৰাণ,18 এপ্ৰিল : ডিব্ৰুগড় জিলাৰ মৰাণৰ অভয়পুৰত নিৰ্মাণ কৰা মৰাণ অভয়পুৰ গ্ৰাম্য ক্ৰীড়া ষ্টেডিয়ামখনৰ দুৰাৱস্থা ৷ আজিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’ল ষ্টেডিয়ামখনৰ ৷ 2012-13 বিত্তীয় বৰ্ষৰ অনুমোদন অনুসৰি 42 বিঘা মাটিত মুঠ 8 কোটি 88 লাখ 16 হাজাৰ টকাৰে ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷ 2014 চনত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰা এই ক্ৰীড়া ষ্টেডিয়ামখন আজিও অৰ্ধনিৰ্মিত অৱস্থাত থকাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ ক্ৰীড়া সন্থাৰ লগতে মৰাণ অঞ্চলৰ সচেতন ব্যক্তিসকলে ।
অভিযোগ অনুসৰি, পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি চৰকাৰৰ বিধায়ক চক্ৰধৰ গগৈয়েও পৰৱৰ্তী সময়ত অৰ্ধনিৰ্মিত ক্ৰীড়া ষ্টেডিয়ামখন উন্নয়নৰ ক্ষেত্ৰত অলপো গুৰুত্ব নিদিলে । কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ষ্টেডিয়ামখন এতিয়া জংঘলে আৱৰি ৰাখিছে ।
বৃহত্তৰ মৰাণ অঞ্চলৰ ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিছিল যে ষ্টেডিয়ামখনে অঞ্চলটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব, কাৰ্যতঃ ৰাইজৰ সেই আশাত চেঁচা পানীহে পৰিল । ইফালে 2016 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিধানসভা নিৰ্বাচনৰ পূৰ্বে উক্ত ষ্টেডিয়ামখনত আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল ।
মুখ্যমন্ত্ৰী সোণোৱালে প্ৰতিশ্ৰুতি দিছিল যে, ছমাহৰ ভিতৰতে ষ্টেডিয়ামখন সম্পূৰ্ণ হৈ উঠিব । কিন্তু চাৰিটা বছৰে দলীয় নেতা, ঠিকাৰদাৰৰ বাবে স্পৰ্টছ কমপ্লেক্স ষ্টেডিয়াম হৈ পৰিছে সোণৰ কণী পৰা হাঁহৰ লেখীয়া ।
লগতে পঢ়ক : ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ 39 টা চোৰাং পশুধন