ETV Bharat / state

একাঁঠু বোকা-পানীৰে পৰিপূৰ্ণ টিংখাঙৰ এটা পথ

author img

By

Published : Sep 13, 2020, 12:49 PM IST

টিংখাঙৰ পুৰণি শ’লগুৰিৰ এটা জৰাজীৰ্ণ পথ ৷ শ’লগুৰি হাটীআলিৰ এই পথটোত বিগত 60টা বছৰে নপৰিল এটাও শিলগুটি । একাঁঠু পৰ্যন্ত বোকা-পানীৰে ভৰি থকা এই পথেৰেই অঞ্চলবাসীয়ে কৰিবলগীয়া হয় দৈনিক অহা-যোৱা ৷

Poor condition of a road at tingkhong dibrugarh assam etv bharat news
একাঁঠু বোকা-পানীৰে পৰিপূৰ্ণ টিংখাঙৰ এটা পথ

টিংখাং,13 ছেপ্তেম্বৰ: এটা জৰাজীৰ্ণ পথ ৷ পথ নহয় যেন এটা গো-বাটহে । গো-বাট সদৃশ এই পথেৰে যাতায়ত কৰিবলৈ হাজাৰবাৰ চিন্তা কৰিবলগীয়া হয় পথচাৰীয়ে । কাৰণ সমগ্ৰ পথটো পোত খাই থাকে একাঁঠু বোকাত ।

টিংখাং সমষ্টিৰ পুৰণি শ’লগুৰি হাটীআলিৰ এই পথটোৱে অঞ্চলবাসীক খুৱাই আহিছে জ্বলা-কলা ৷ বিগত প্ৰায় 60টা বছৰে এটাও শিলগুটি নপৰা এই পথটোত বাৰিষা হ’লেই ভৰি পৰে একাঁঠু বোকা-পানীৰে ৷ ফলত জৰাজীৰ্ণ এই পথটোৰে যাতায়াতৰ সময়ত অঞ্চলবাসীয়ে ভূগিবলগীয়া হয় যমৰ যাতনা ৷

সম্ভৱ নহয় পথটোৰে যান-বাহনৰ অহা-যোৱা ৷ সেয়েহে ৰোগী অথবা গৰ্ভৱতী মহিলাক পথটোৰে অনা-নিয়াৰ ক্ষেত্ৰত সন্মুখীন হ’বলগা হয় অধিক সমস্যাৰ । নখাট পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজে নিতৌ অহা-যোৱা কৰা এই পথটোৰ নিৰ্মাণৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰি অহাৰ পিছতো এই পথটোক লৈ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে স্থানীয় বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ।

লগতে চাওকঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.