ETV Bharat / state

পুৱাৰে পৰা ক'ভিড ভেকচিন ল'বলৈ খোৱাঙত ভিৰ ৰাইজৰ - ক’ভিড প্ৰতিশেধক

১৮ৰ পৰা ৪৪ বছৰ বয়সৰ সকলোৰে বাবে প্ৰতিশেধক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগেই ডিব্ৰুগড়ৰ খোৱাঙত পুৱাৰে পৰা প্ৰতিশেধক ল'বলৈ ভিৰ কৰিছে স্থানীয় ৰাইজে ৷

পুৱাৰে পৰা ক'ভিড ভেকচিন ল'বলৈ খোৱাঙত ভিৰ ৰাইজৰ

author img

By

Published : May 10, 2021, 2:04 PM IST

মৰাণ,10 মে’: ৰাজ্যত যিমানে বৃদ্ধি পাইছে মহামাৰী ক'ভিড ভয়াবহতা, সিমানেই ক’ভিডৰ প্ৰতিশেধক ল’বলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলত ৰাইজে হেতা ওপৰা কৰা পৰিলক্ষিত হৈছে ৷ ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ সকলোৰে বাবে প্ৰতিশেধক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগেই ডিব্ৰুগড়ৰ খোৱাঙত পুৱাৰে পৰা ৰাইজে প্ৰতিশেধক ল'বলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে ।

পুৱাৰে পৰা ক'ভিড ভেকচিন ল'বলৈ খোৱাঙত ভিৰ ৰাইজৰ

শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইৰ ব্যক্তি সকল আহি খোৱাং মাধকলি চিকিৎক প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হোৱা বুলি স্বাস্থ্য বিষয়াই জানিবলৈ দিয়ে । প্ৰতিদিনে ১৫০ জন ব্যক্তিক প্ৰতিশেধক দিয়া হৈছে বুলিও জনায় স্বাস্থ্য বিষয়াই । লগতে সকলোকে ক'ভিড ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিশেধক ল'বলৈ আহ্বান জনায় খোৱাং মাধকলি চিকিৎক প্ৰশিক্ষণ কেন্দ্ৰৰ স্বাস্থ্য বিষয়া গৰাকীয়ে ৷

লগতে পঢ়ক: ক্ৰমাৎ ক’ভিড হটস্পটত পৰিণত কৰিমগঞ্জৰ কাৰাগাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.