ETV Bharat / state

কংগ্ৰেছ-AIUDFৰ মিত্ৰতা প্ৰসংগত পৱন সিং ঘাটোৱাৰৰ প্ৰতিক্ৰিয়া - মিত্ৰজোঁট

কংগ্ৰেছ-AIUDFৰ মিত্ৰজোঁট সন্দৰ্ভত মুখ খুলিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰে ৷ এটা ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক দল গঠন কৰি বিজেপিক পৰাজিত কৰিব লাগে আৰু বিজেপি বিৰোধী ভোট বিভাজিত হ'ব নালাগে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷

Pawan Singh Ghatowar reacts
পৱন সিং ঘাটোৱাৰৰ প্ৰতিক্ৰিয়া
author img

By

Published : Aug 24, 2020, 10:32 PM IST

ডিব্ৰুগড়, 24 আগষ্ট: ‘উজনি অসমত AIUDFৰ কোনো প্ৰভাৱ নাই’ ৷ কংগ্ৰেছ-AIUDFৰ মিত্ৰতা প্ৰসংগত সোমবাৰে ইটিভি ভাৰতযোগে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰে ৷

পৱন সিং ঘাটোৱাৰৰ প্ৰতিক্ৰিয়া

লগতে তেওঁ কয় যে, ‘‘আচলতে AIUDF বুলি কৈ এটা ভুল প্ৰচাৰ কৰা হৈছে ৷ কংগ্ৰেছৰ লক্ষ্য হৈছে, এটা ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক দল গঠন কৰি বিজেপিক পৰাজিত কৰিব লাগে আৰু বিজেপি বিৰোধী ভোট বিভাজিত হ'ব নালাগে । বিগত নিৰ্বাচনত বিজেপিয়ে যিমান ভোট পাইছিল, বিজেপি বিৰোধী দলসমূহে একগোট হৈ তাতকৈ বেছি পাইছিল’’ ।

পৱন সিং ঘাটোৱাৰৰ প্ৰতিক্ৰিয়া

যদি সকলো দল একত্ৰিত হ’লহেতেন বিগত নিৰ্বাচনত বিজেপি দলে জয়লাভ কৰিব নোৱাৰিলেহেঁতেন বুলি মন্তব্য দিয়ে কংগ্ৰেছ নেতা গৰাকীয়ে ৷ লগতে তেওঁ জানিবলৈ দিয়ে যে, ‘‘মিত্ৰজোঁট কেৱল AIUDF বুলিয়েই নহয়, ইয়াত বাঁওপন্থী আৰু বিজেপি বিৰোধী আন্দোলনকাৰীও থাকিব । অৱশ্যে বৰ্তমানেও আলোচনাহে চলি আছে ৷ কোনো দলৰ লগত চুক্তি এতিয়ালৈকে হোৱা নাই’’ ৷

লগতে পঢ়ক: কংগ্ৰেছৰে মিত্ৰতা প্ৰসংগত মুখ খুলিলে এ আই ইউ ডি এফে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.