নাহৰকটীয়া, 23 জুন : নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰী গাওঁ পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ পথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে গঞাঁ ৰাইজক ৷ বাৰিষাৰ নেৰা-নেপেৰা বৰষুণৰ প্ৰকোপত শোচনীয় হৈ পৰা শিঙিমাৰি গাওঁ আৰু দিৰিয়াল গাওঁ সংযোগী একমাত্ৰ পথটোৰে এতিয়া যান-বাহন চলাচল বাদেই গাঁৱৰ ৰাইজে খোজেৰে অহা-যোৱা কৰাতো সমস্যাৰ সন্মুখীন হৈছে ৷ তিনিখনকৈ গাঁৱৰ ৰাইজে ব্যৱসায়-বাণিজ্যৰ লগতে চহৰ-নগৰলৈ আৰু বিদ্যালয়-মহাবিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীৰ একমাত্ৰ আশা-ভৰসাৰ থলস্বৰূপ এই পথটোৰ দুৰৱস্থাই উন্নয়নৰ ঢাক-ঢোল বজোৱা শাসনাধিষ্ঠ চৰকাৰখনৰ প্ৰকৃত স্বৰূপটো বাৰুকৈয়ে উদঙাইছে ৷
বেমাৰ-আজাৰৰ ক্ষেত্ৰত এম্বুলেঞ্চো প্ৰবেশ কৰিব নোৱাৰা পথটোৰ দুৰৱস্থাৰ বাবে পূৰ্বৰ বিধায়ক নৰেণ সোণোৱালে মেৰামতিৰ নামত কিছু টকা মুকলি কৰি দিছিল যদিও সেয়া এপাচি শাকত এটা জলকীয়াৰ দৰেহে হ'ল বুলি গাঁৱৰ একাংশই অভিযোগ কৰিছে ৷ বিগত সময়ত গাওঁবাসীয়ে পথটোৰ সমস্যাকলৈ বহুবাৰ কেন্দুগুৰি গাওঁ পঞ্চায়তত আবেদন দাখিল কৰিছে যদিও পঞ্চায়ত প্ৰতিনিধিৰ আহৰি নাই গাঁৱৰ সমস্যাবোৰৰ ওপৰত চকু দিবলৈ ৷ স্থানীয় লোকসকলে লগতে জনাই যে গাওঁখনত পানীৰ তেনে কোনো গুৰুতৰ সমস্যা নথকাৰ পাছটো জল জীৱন মিচন আঁচনিৰ নামত চৰকাৰে অলেখ ধন ব্যয় কৰিছে ৷ কিন্তু প্ৰয়োজনীয় পথটোৰ বাবে বহুবাৰ আবেদন কৰা স্বস্তেও নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত কোনোৱে কানসাৰ নিদিয়ে ৷ গতিকে জলজীৱন মিচনতকৈ পথটোৰ মেৰামতি অথবা নিৰ্মাণেহে গাওঁবাসীক অধিক উপকৃত কৰিব বুলি মন্তব্য কৰিছে গাঁওবাসী ৰাইজে ৷
তদুপৰি বৰ্তমান স্থানীয় বিধায়ককে ধৰি বিভিন্ন নেতা-পালিনেতাই নিৰ্বাচনৰ সময়ত গাঁৱত ভোট ভিক্ষা কৰিবলৈ আহি পথচোৱা নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও 2021 চনৰ পৰা বৰ্তমান পৰ্যন্ত দুটাকৈ বছৰ বাগৰাৰ পিছতো চৰকাৰী আঁচনিয়ে পথটো ঢুকি নাপালেগৈ বুলি ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলস্থ ৰাইজে ৷ গতিকে অতি শীঘ্ৰেই এই পথচোৱা নিৰ্মাণ কৰি যাতায়তৰ সুচল কৰি দিবলৈ গাওঁবাসীয়ে স্থানীয় বিধায়কক দাবী জনাইছে ৷
লগতে পঢ়ক: Miserable condition of NH 37: বিধস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পণবন্দী জনতা