মৰাণ, 23 অক্টোবৰ: আগন্তুক বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সমান্তৰালকৈ ৰাজ্যত নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছে নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ দলে ৷ ইয়াৰ মাজতে শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ১১৫ নং মৰাণ সমষ্টিৰ নাহৰণি গাওঁ পঞ্চায়তৰ ন-পথাৰত এখন সভা অনুষ্ঠিত কৰে দলটোৱে ৷ সমাজকৰ্মী দেৱ গগৈৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাখনত অসম জাতীয় পৰিষদৰ নাহৰণি পঞ্চায়তৰ দুখন তদৰ্থ সমিতি গঠন কৰা হয় ৷
ইয়াৰে এখনত নৰেশ্বৰ গগৈক সভাপতি আৰু জিতু ডেকাবৰুৱাক সম্পাদক হিচাপে লৈ মুঠ 31 জনীয়া এখন মূল তদৰ্থ সমিতি গঠন কৰা ৷ লগতে জাতীয় যুৱ শক্তিৰ সীমান্ত গগৈক সভাপতি আৰু পবিত্ৰ গগৈক সম্পাদক হিচাপে লৈ যুৱ শক্তিৰো এখন তদৰ্থ সমিতি গঠন কৰা হয় ৷
জিলা আহ্বায়ক কবিন্দ্ৰ ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত ৰাজ্যিক আহ্বায়ক ৰাফেল কুজুৰ, জিলাৰ অন্যতম আহ্বায়ক উৎপল শৰ্মাৰ লগতে অসম জাতীয় পৰিষদৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷ প্ৰায় ডেৰ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাখনত আগন্তুক জাতীয় শক্তিক শক্তিশালী কৰাৰ ক্ষেত্ৰত সকলোৱে অংগীকাৰবদ্ধ হয় ৷ মুঠৰ ওপৰত অসম জাতীয় পৰিষদে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে দলৰ ভেঁটি শক্তিশালী কৰা কাম ৷
লগতে পঢ়কঃ কাঁইটীয়া তাঁৰৰ বাহিৰত এখন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ !