ETV Bharat / state

পদুমণি নাহৰ পুখুৰী নগাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা - নাহৰ পুখুৰী নগাঁওক কণ্টেইনমেণ্ট জ'ন ঘোষণা

খোৱাঙৰ পদুমণি নাহৰ পুখুৰী নগাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা ৷ ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড স্বাস্থ্য কেন্দ্ৰৰ এলেকাত মহামাৰী কৰ'ণাত আক্ৰান্তৰ সংখ্যা কিছু পৰিমানে হ্ৰাস পাইছে যদিও পুনৰ নতুনকৈ কিছুমান গাঁৱত গণ সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে ।

padumoni-nahar-pukhuri-nagaon-is-announced-as-a-containment-zone
খোৱাঙৰ পদুমণি নাহৰ পুখুৰী নগাঁওক কণ্টেইনমেণ্ট জ'ন ঘোষণা
author img

By

Published : Jun 17, 2021, 11:03 PM IST

মৰাণ,17 জুন : ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড স্বাস্থ্য কেন্দ্ৰৰ এলেকাত মহামাৰী কৰ'ণাত আক্ৰান্তৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস পাইছে যদিও পুনৰ নতুনকৈ কিছুমান গাঁৱত গণ সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে । খোৱাঙৰ সমীপৱৰ্তী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত পদুমণি নাহৰ পুখুৰী নগাঁৱত উদ্বেগজনকভাৱে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হয় ।

বৃহস্পতিবাৰে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ৰমেন কাকতিৰ নেতৃত্বত যোৱা এদল চিকিৎসা কৰ্মী গাঁওখনত উপস্থিত হৈ গাঁওখনত যাতে বাহিৰা গাঁৱৰ লোকে প্ৰৱেশ কৰিব নোৱাৰে বা গাঁওখনৰ কোনো ব্যক্তি বাহিৰলৈ ওলাই যাব নোৱাৰে গাঁৱৰ মূল প্ৰৱেশ পথত বাঁহ বান্ধি বেনাৰ আঁৰি পথটো বন্ধ কৰি দিয়ে আৰু চিকিৎসক গৰাকীয়ে গাঁওবাসীক ক'ভিড প্ৰট'কল মানি চলিবলৈ অনুৰোধ জনায় ।

ক’ভিডক ৰোধিবলৈ চৰকাৰে নিত্য নতুন নিৰ্দেশনা(sop)জাৰি কৰিছে চৰকাৰে । বিশেষকৈ ৰাজ্যৰ বহু প্ৰান্তৰ গ্ৰাম্যাঞ্চলত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে ৷ প্ৰশাসনে, নিতৌ নতুন নতুন অঞ্চল কন্টেইনমেন্ট জ'ন(containment zone) হিচাপে ঘোষণা কৰিবলগীয়া হৈছে যদিও, সচেতনতা অহা নাই একাংশ ৰাইজৰ ।

লগতে পঢ়ক:টীয়কত এখন এখনকৈ গাঁৱক কন্টেইমেন্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.