মৰাণ,9 অক্টোবৰঃ ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰা অপৰাধ, দুৰ্নীতি, দালালৰ বিৰুদ্ধে কঠোৰ প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল ৷ ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ লাভ কৰিয়েই অসম আৰক্ষীয়েও ৰাজ্যত সংঘটিত হৈ থকা অপৰাধ জনিত ঘটনা, দুৰ্নীতি আৰু দালালৰ বিৰুদ্ধে মাৰাথান অভিযান চলাই বহু কুখ্যাত অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমানেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে অভিযান চলাই জালত পেলাবলৈ সক্ষম হৈছে ইটোৰ পাছত সিটো অপৰাধী ৷
ইপিনে মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তীব্ৰ অভিযান চলাই থকা সমান্তৰালভাৱে ডিব্ৰুগড়ৰ দুলীয়াজানত গাড়ীৰ দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী । এক বৃহৎ গাড়ীৰ দালাল চক্ৰৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষীয়ে অভিযান চলাই যোৱা দুটা দিনত এখন দুখন নহয়, ১৬ খনকৈ বিলাসী গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে ।
উল্লেখযোগ্য যে, অইল ইণ্ডিয়া লিমিটেডৰ লগতে উদ্যোগ প্ৰতিষ্ঠানটোত ঠিকাভিত্তিক নিয়োজিত কেইবাটাও ব্যক্তিগত ঠিকা প্ৰতিষ্ঠানক মোটা অংকৰ মাহেকীয়া ভাড়াৰ টোপ দি চক্ৰটোৱে প্ৰৱঞ্চনা কৰি আহিছিল । উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আদি জিলাৰ প্ৰায় শতাধিক বিলাসী গাড়ীৰ গৰাকীয়ে এই গাড়ী দালালী চক্ৰৰ কৱলত পৰি এতিয়া নিজ গাড়ীৰ কোনো শুংসূত্ৰ লাভ কৰা নাই ।
গাড়ীৰ এই দালাল চক্ৰটোৰ লগত বহু ৰাজনৈতিক নেতা, একাংশ দল-সংগঠনৰ নেতা আৰু অইলৰ বিষয়া জড়িত থকাৰ তথ্য লাভ কৰিছে অসম আৰক্ষীয়ে । সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে বিশেষ নক'লেও ইতিমধ্যে আৰক্ষীয়ে ঘটনা সৰ্ন্দভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । অৱশ্যে আৰক্ষীয়ে কোনো অভিযুক্তক এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই ।
লগতে পঢ়কঃ তিতাবৰতো হ’ব নেকি উপ নিৰ্বাচন : বিজেপিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কংগ্ৰেছী বিধায়কৰ