ETV Bharat / state

নাহৰকটীয়াৰ চাচনীত লেডী সিংঘমৰ আবিৰ্ভাৱ - ,গোলাঘাট চুলাই ট্ৰেজেডী

অবৈধ সুৰাৰ বিৰুদ্ধে ৰণচণ্ডী মূৰ্তি এজাক মহিলাৰ

author img

By

Published : Mar 25, 2019, 4:41 AM IST

ডিব্ৰুগড়,25 মাৰ্চঃ এগৰাকী দুগৰাকী নহয় এদল মহিলাই হাতে হাতে দা, কোৰ লৈ আক্ৰমণ কৰিছে ইখনৰ পাচত সিখন ঘৰ৷ এফালৰ পৰা ভাঙি তহিলং কৰিছে বিভিন্ন সা-সামগ্ৰী ৷ প্ৰকৃততে এই মহিলা সকলৰ ৰণচণ্ডী ৰূপৰ অন্তৰালত অবৈধ চুলাই মদ ৷

অবৈধ সুৰাৰ বিৰুদ্ধে ৰণচণ্ডী মূৰ্তি এজাক মহিলাৰ
etv bharat

নাহৰকটীয়া চাচনী আমগুৰি গাঁৱত দীৰ্ঘদিন ধৰি একাংশ লোকে ঘৰতে তৈয়াৰ কৰি বিক্ৰী কৰি আহিছিল অবৈধ চুলাই মদ আৰু যাৰ পৰিপ্ৰেক্ষিতত আমগুৰি গাওঁত বিনষ্ট হৈ আহিছিল শৈক্ষিক আৰু সামাজিক পৰিৱেশ ৷ সেয়েহে, শনিবাৰে পুৱা আমগুৰি গাঁৱৰ শতাধিক মহিলাই একত্ৰিত হৈ উচ্ছেদ কৰে কেইবাটাও অবৈধ চুলাই ঘাটি ৷ মদৰ ঘাটি সমূহ উচ্ছেদ কৰাৰ লগতে চুলাই বনোৱা পিঠা,টিং আদি বিভিন্ন সামগ্ৰী জব্দ কৰি নষ্ট কৰে মহিলাসকলে ৷ মহিলা সকলৰ ৰূদ্ৰমূৰ্তি দেখি পলাই পত্ৰং দিয়ে চুলাই বেপাৰী সকলেও ৷

উল্লেখযোগ্য যে, গোলাঘাট চুলাই ট্ৰেজেডীয়ে সমগ্ৰ দেশ জোকাৰি যোৱাৰ পাছতো আজি পৰ্যন্ত সাৰ পোৱা নাই বিয়াগোম আবকাৰী বিভাগ তথা আৰক্ষী প্ৰশাসন ৷ সেয়েহে, নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিয়ে ওলাই আহিল এই সকল লেডী সিংঘম ৷

A_dib_24mrch_Lady_shigham_jesim

7files including two byte on ftp

:নাহৰকটীয়াৰ চাচনীত হঠাৎ লেডি চিংঘমৰ আবিৰ্ভাৱ। এগৰাকী দুগৰাকী নহয় এদল মহিলাই হাতে হাতে দা কোৰ লৈ সোমাই গৈছে এঘৰৰ পিছত  এঘৰত আৰু ভাঙি তহিলং কৰিছে বিভিন্ন সা সামগ্ৰী ।কিন্তুু কিয়?

প্ৰকৃততে এই ৰণচণ্ডী ৰূপ অবৈধ সুৰাৰ বিৰুদ্ধে।হয়, অবৈধ চুলাই মদৰ বিৰুদ্ধে হাল্লাবল। ভাঙি লণ্ড ভণ্ড কৰিলে চুলাই বনোৱা সামগ্ৰী। নাহৰকটীয়া চাচনী আমগুৰি গাওঁত দীৰ্ঘদিন ধৰি একাংশ লোকে ঘৰতে তৈয়াৰ কৰি বিক্ৰী আহিছিল অবৈধ চুলাই মদ আৰু যাৰ কাৰণে বৃহৎৰ আমগুৰি গাওঁত বিনষ্ট কৰি আহিছিল শৈক্ষিক আৰু সামাজিক পৰিৱেশ। তাকে লৈ শনিবাৰে পুৱাৰে পৰা আমগুৰি গাওঁৰ কেইবাশতাধিক সংগঠিত  মহিলাই অঞ্চলটোত থকা অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে চুলাই বনোৱা লালি গুড়, চুলাই বনোৱা পিঠা, টিং আদি কৰি বিভিন্ন সা সামগ্ৰী জব্দ কৰি বিহু নাচি আনন্দ উল্লাস কৰে  ।আনকি মহিলাৰ ৰুদ্ৰমূৰ্তিৰ উমান পাই চুলাই বেপাৰীয়ে পলাই।ইফালে বাহনিৰ গাঁতত লুকাই ৰখা চুলাই ভৰ্তি টিঙৰ লগতে চুলাই বনোৱা সামগ্ৰী সমূহ বিচাৰি উলিয়াই লণ্ড ভণ্ড কৰে মহিলা সকলে ।

Byte1,2 মহিলা 

Vo 2- যি সময়ত গোলাঘাট চুলাই ট্ৰেজেডীয়ে সমগ্ৰ অসম জোকাৰি গৈছিল তাৰ পিছতো যেন কোনো শিক্ষা নাপালে বিয়াগোম আৱকাৰী বিভাগৰ লগতে আৰক্ষী প্ৰশাসনে । যাৰ কাৰণে নৱপ্ৰজন্মৰ সুৰক্ষাৰ কথা চিন্তা কৰিয়েই নিজা ববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি অবৈধ মদৰ ঘাটি উৎখাত কৰিলে এই সকল লেডি চিংঘমে ।এতিয়া প্ৰশ্ন হয় ইয়াৰ পিছতো আৱকাৰী বিভাগে অবৈধ চুলাই ঘাটিৰ বিৰুদ্ধে ব্যৱস্থা কোনো ব্যৱস্থা গ্ৰহণ কৰিবনে? নে মোটা অংকৰ ধনৰ বিনিময়ত চকু মুদা কুলিৰ ভাও ধৰি থাকিব আৱকাৰী বিভাগ আৰু  আৰক্ষীয়ে সেয়া সময়েহে কব। 

Byte. গাওঁৰ মহিলা ।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
Etv Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.