মৰাণ,19 আগষ্ট: অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ ত্যাগৰ বিনিময়ত লাভ কৰা অন্যতম ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান অ এন জি চি, অসম অৰ্থাৎ নাজিৰা খণ্ড অইল ইণ্ডিয়া লিমিটেডৰ সৈতে একত্ৰিতকৰণৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় তেল, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিবনুৱা দপ্তৰৰ নৱ-নিযুক্ত ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ ডিব্ৰুগড়ৰ মটক চাহ বাগিচাৰ কৰম ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানত এই ঘোষণা কৰিছে মন্ত্ৰী গৰাকীয়ে ৷
মন্ত্ৰী তেলীয়ে এই সন্দৰ্ভত কয় যে, অ এন জি চি(ONGC) ৰ অসম খণ্ড ইতিমধ্যে লোকচানৰ সন্মুখীন হৈছে ৷ কমি গৈছে উৎপাদন ক্ষমতা ৷ যাৰ বাবে অ এন জি চি অসম খণ্ড বিলুপ্তি ঘটাই অইল ইণ্ডিয়াৰ সৈতে চামিলকৰণেৰে একেলগে তেল উৎপাদনৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ ইতিমধ্যে এই দিশত কেন্দ্ৰীয় চৰকাৰে দুই লানি বৈঠকো অনুষ্ঠিত কৰিছে ৷ ৰাজ্য চৰকাৰৰ পৰাও কেন্দ্ৰই কিছু অনুমতি লাভ কৰিছে ৷
একেটা ভাষণত মন্ত্ৰী তেলীয়ে তৈল নগৰী দুলীয়াজান চহৰক অত্যাধুনিক ৰূপত গঢ় দিয়াৰ বাবে 500 কোটিৰ বিশেষ পেকেজ ঘোষণা কৰে ৷ আনহাতে 15 দিনৰ ভিতৰত এই পেকেজৰ আধাৰশিলা আৰম্ভ কৰিব বুলি জনালে মন্ত্ৰী গৰাকীয়ে ৷
সেইদৰে নয়ডাত থকা অইলৰ কৰ্পৰেট কাৰ্যালয়টো গুৱাহাটীলৈ হস্তান্তৰকৰণৰ পৰিকল্পনা চলাই থকাৰ কথাও প্ৰকাশ কৰিছে মন্ত্ৰী তেলীয়ে ৷ ইফালে সৰ্বানন্দ সোণোৱালৰ আশীৰ্বাদ যাত্ৰাৰ দিশতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে মন্ত্ৰী গৰাকীয়ে ৷ এই সন্দৰ্ভত অসমৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া নিশ্চিতভাৱে লক্ষ্যণীয় হ'ব ৷
লগতে পঢ়কঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰ্যটন ক্ষেত্ৰত নতুন অভিলাষী প্ৰকল্পৰ সংযোজন