মৰাণ, 28 জুন : দুলীয়াজানত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনা(Road accident at Duliajan) । ট্ৰেইলাৰৰ চেপাত থিতাতে নিহত এগৰাকী বাইক আৰোহী(One person died in Road accident at Duliajan) । নিহত লোকজন ষ্টেট বেংক অফ ইণ্ডিয়াৰ দুলীয়াজানৰ বকুলনী শাখাৰ কৰ্মচাৰী সৌৰভ দত্ত বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিহত সৌৰভ দত্তৰ প্ৰকৃত ঘৰ পশ্চিম বংগৰ বৰাল মেইন ৰোডত ।
ইফালে ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা ট্ৰেইলাৰসহ চালকজন পলায়ন কৰে ৷ বৰ্তমান দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেইলাখনৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত জব্দ কৰিবলৈ সক্ষম হোৱা নাই ।
শেহতীয়াকৈ আৰক্ষীয়ে নিহত সৌৰভ দত্তৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । প্ৰত্যক্ষদৰ্শীৰ মতে, অইল ইণ্ডিয়াৰ ট্ৰেইলাৰৰ পিছৰ অংশ বাইক আৰোহীগৰাকীৰ গাত লগাৰ ফলতে উক্ত ঘটনাটো সংঘটিত হয় ৷
লগতে পঢ়ক : কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা: চাৰি যুৱকৰ কৰুণ মৃত্যু