ETV Bharat / state

উজনি অসমৰ একমাত্ৰ ধান ক্ৰয় কেন্দ্ৰটো পুনৰ মুকলিৰ দাবী ছাত্ৰ সন্থাৰ - ভাৰতীয় খাদ্য নিগম

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ভাৰতীয় খাদ্য নিগমৰ দ্বাৰা পৰিচালিত উজনি অসমৰ খোৱাঙৰ ধান ক্ৰয় কেন্দ্ৰটো বিগত 31 মে' পৰা বন্ধ হৈ আছে ৷ উজনিৰ বিভিন্ন স্থানৰ কৃষকৰ পৰা ন্যূনতম সমৰ্থিত মূল্যত ধান ক্ৰয় কৰা হৈছিল এই কেন্দ্ৰটোত । সম্প্ৰতি কেন্দ্ৰটো বন্ধ হৈ পৰাত কৃষক সকল চিন্তাত পৰিবলগীয়া হৈছে ।

one and only rice purchase centre of Upper Assam
একমাত্ৰ ধান ক্ৰয় কেন্দ্ৰটো পুনৰ মুকলিৰ দাবী ছাত্ৰ সন্থাৰ
author img

By

Published : Jun 25, 2021, 1:57 PM IST

মৰাণ, 25 জুন : কৃষকৰ সমস্যা সমাধানৰ কথা সততে কৈ থকা ৰাজ্যৰ কৃষি বিভাগৰ যেন প্ৰকৃতাৰ্থত কৃষকক কষ্টৰ মূল্য দিয়াৰ ক্ষেত্ৰত কোনো সদিচ্ছা নাই ৷ কিয়নো, কৃষকৰ উৎপাদিত ফচলৰ উচিত মূল্যত কৃষি বিভাগে ক্ৰয় কৰাৰ কথা ক'লেও বাস্তৱত সেইয়া এইপৰ্যন্ত হৈ উঠা নাই ৷ উদাহৰণস্বৰূপে, বিগত 31 মে'ৰ পৰা ভাৰতীয় খাদ্য নিগমৰ দ্বাৰা পৰিচালিত উজনি অসমৰ খোৱাঙৰ ধান ক্ৰয় কেন্দ্ৰটো বন্ধ হৈ আছে ৷ মাত্ৰ কেইটামান মাহ কাৰ্যকৰী কৰিয়েই উজনি অসমৰ একমাত্ৰ ধান ক্ৰয় কেন্দ্ৰটো বন্ধ কৰি দিয়া হয় ৷

উল্লেখ্য যে, এই কেন্দ্ৰটোত উজনিৰ বিভিন্ন স্থানৰ কৃষকৰ পৰা ন্যূনতম সমৰ্থিত মূল্যত ধান ক্ৰয় কৰা হৈছিল । সম্প্ৰতি কেন্দ্ৰটো বন্ধ হৈ পৰাত কৃষকসকল চিন্তাত পৰিছে । সেয়েহে, শুকুৰবাৰে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দলে ধান ক্ৰয় কেন্দ্ৰটোত উপস্থিত হৈ কেন্দ্ৰটো পুনৰ কাৰ্যকৰী কৰিবলৈ দাবী জনোৱাৰ লগতে চৰকাৰে কেন্দ্ৰটো বন্ধ কৰি দিয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰে আৰু কেন্দ্ৰটোৰ পৰিচালকৰ সৈতে এক আলোচনাত মিলিত হয় ৷

উজনি অসমৰ একমাত্ৰ ধান ক্ৰয় কেন্দ্ৰটো পুনৰ মুকলিৰ দাবী ছাত্ৰ সন্থাৰ

আলোচনাৰ অন্তত আছু কৰ্মীসকলে কেন্দ্ৰটো কাৰ্যকৰী কৰিবলৈ জিলা কৃষি বিষয়াৰ লগত আলোচনা কৰি শীঘ্ৰে মুকলিৰ দাবী জনাব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

উল্লেখ যে, কৃষক সকলে উৎপাদিত মূল্যতকৈ বহু কম দামত ধান বিক্ৰী কৰিবলগীয়া হৈছে । যাৰ বাবে শালিখেতিৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে স্থানীয় কৃষক সকলে ৷ সম্প্ৰতি ব্যৱসায়িক ভিত্তিত খেতি নকৰি বছৰজোৰা ভাতমুঠি যোগাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বহু কৃষকে । একাংশ কৃষকে প্ৰতিবিঘা খেতি মাটিত হাল বোৱাৰ পৰা ধান কটালৈকে এক মোটা অংকৰ ধন খৰচ কৰে যদিও ফচলৰ উচিত মূল্য লাভ নকৰাত হতাশাৰ সন্মুখীন হৈছে ৷

লগতে পঢ়ক: সন্ধিয়াৰ লগে লগে অন্ধকাৰে গ্ৰাস কৰিব অসমৰ এখন চহৰ

ধান ৰোপনৰ বাবে যিমান ধন খৰচ হয় তাৰ মূলধনেই পোৱা নাযায় উৎপাদিত ধান বিক্ৰী কৰি । চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত ন্যূনতম সমৰ্থিত মূল্য প্ৰতি মোন ধানত 1868 টকা দিয়া হৈছিল যদিও ধান ক্ৰয় কেন্দ্ৰটোত ধান লোৱা বন্ধ কৰি দিয়াত 11-12 টকা দৰত ধান বিক্ৰী কৰিবলগীয়া হৈছে কৃষক সকলে । ভাৰতীয় খাদ্য নিগমৰ দ্বাৰা পৰিচালিত খোৱাং ঘাটৰ বেৰীয়া ৰাইচ মিলৰ স্বত্বাধিকাৰ গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি এই বৰ্ষটোত 12,880 কুইণ্টল ধান কৃষকৰ পৰা ক্ৰয় কৰা হৈছে ।

আনহাতে, এতিয়াও বহু কৃষকে উৎপাদিত ধান বিক্ৰী কৰিবলৈ ইচ্ছুক যদিও ক্ৰয় কেন্দ্ৰটোত ধান লোৱা বন্ধ কৰাত যি কোনো স্থানত কৃষক সকলে কম মূল্যত ধান বিক্ৰী কৰি আহিছে । মন কৰিবলগীয়া যে, ধান উৎপাদন উজনি অসমতে সৰ্বাধিক হয় । বহু কৃষকে খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই পৰিয়াল পোহপাল দি আছে। কিন্তু এই কৃষক সকলৰ কৃষি কৰ্মৰ প্ৰতি যদি উল্লেখ কৰা মতেই চৰকাৰে অনীহা প্ৰকাশ কৰে, তেন্তে দেশৰ অৰ্থনীতিত ই এক বিৰূপ প্ৰভাৱ পেলাব।

লগতে পঢ়ক: পৌৰসভাৰ সভাপতি পদকলৈ বিজেপি-ইউপিপিএলৰ মাজত টনা-আঁজোৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.