ETV Bharat / state

Heat waves in Assam : প্ৰখৰ ৰ’দ আৰু উৎকট গৰমৰ ফলত খোৱাঙত এগৰাকী বৃদ্ধাৰ মৃত্যু

উৎকট গৰমৰ ফলত স্তব্ধ হৈছে ৰাজ্যবাসীৰ স্বাভাৱিক জীৱন-যাত্ৰা ৷ অত্যন্ত গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য শিক্ষা বিভাগে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা (Heatwave situation in Assam) ৷ প্ৰখৰ ৰ’দ আৰু উৎকট গৰমৰ ফলত ইতিমধ্যে খোৱাঙত মৃত্যু হৈছে এগৰাকী বৃদ্ধাৰ (Old woman died due to Heat waves at Khowang) ৷

Heat waves in Assam
উৎকট গৰমৰ ফলত স্তব্ধ হৈছে ৰাজ্যবাসীৰ স্বাভাৱিক জীৱন-যাত্ৰা
author img

By

Published : Jun 8, 2023, 2:24 PM IST

ডিব্ৰুগড়, ৮ জুন : উৎকট গৰমে দহিছে ৰাজ্য (Heat waves in Assam)। গৰমৰ প্ৰকোপত হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যবাসী । নিতৌ বৃদ্ধি পাইছে তাপমাত্ৰা । উৎকট গৰমৰ ফলতে ইতিমধ্যে খোৱাঙত এগৰাকী বৃদ্ধাৰ মৃত্যু হৈছে (Heat waves at Khowang) । মৃত বৃদ্ধাগৰাকী মৰাণৰ খোৱাং সৰগফলা বেজ গাঁৱৰ অনু সন্দিকৈ (৬৫) বুলি জানিব পৰা গৈছে (Old woman died due to Heat waves at Khowang)।

জানিব পৰা মতে, বুধবাৰে সৰু পুতেকৰ ঘৰৰ পৰা ডাঙৰ পুতেকৰ ঘৰলৈ গৈ আছিল বৃদ্ধাগৰাকী ৷ গৰমৰ বাবে সম্ভৱত দীঘলীয়া ৰাস্তা নলৈ পথাৰেৰে পোনাইছিল বৃদ্ধাগৰাকীয়ে ৷ এই পথাৰ পাৰ হৈ যাওঁতে উৎকট গৰমত মৃত্যু হয় বৃদ্ধাগৰাকীৰ । পৰিয়ালৰ লোকে পথাৰৰ মাজৰ পৰা উদ্ধাৰ কৰে বৃদ্ধাগৰাকীৰ মৃতদেহ ।

লগতে পঢ়ক : Heat waves in Assam : উৎকট গৰম; ৰাজ্যৰ ৯৫ শতাংশ প্ৰাথমিক বিদ্যালয়ত নাই চিলিং ফেন

নিহত বৃদ্ধাগৰাকীৰ কাপোৰ থকা দেহৰ অংশত ৰ’দে পোৰা চিন স্পষ্ট হৈ আছে আৰু এই প্ৰখৰ ৰ’দৰ বাবেই বৃদ্ধাগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকেও । ইফালে এই ঘটনাৰ পাচতে খবৰ দিয়া হয় আৰক্ষীয়ে ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে এ এম চি (AMCH)লৈ প্ৰেৰণ কৰা হয় বৃদ্ধাগৰাকীৰ মৃতদেহ । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে পৰিছে শোক ছাঁ ৷

উল্লেখযোগ্য যে, উৎকট গৰমৰ বাবে বিদ্যালয়ত পাঠদানৰ সময় সলনি কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে (Education department notice for heatwave) । ডিব্ৰুগড় জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি বিদ্যালয়ত পাঠদানৰ প্ৰাথমিক বিদ্যালয়ত পুৱা ৭.৩০ পৰা ১২ বজালৈকে, মধ্য ইংৰাজী বিদ্যালয়ত পুৱা ৭.৩০ পৰা দুপৰীয়া ১২.৩০ বজালৈকে আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত পুৱা ৭.৩০ পৰা দুপৰীয়া ১ বজালৈকে পাঠদান চলিছে । ইয়াৰ মাজতে পোহৰলৈ অহা এই ঘটনাই সমগ্ৰ ডিব্ৰুগড়ৰ ৰাইজক অধিক চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক : Heatwave hits Assam: উৎকট গৰম; বিদ্যালয়ৰ পাঠদান পুৱা 7.30 বজাৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশ শিক্ষা বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.