ETV Bharat / state

দুলীয়াজানত ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে OIEEAৰ সামগ্ৰী প্ৰদান - ডিব্ৰুগড় জিলাৰ উপায়ুক্ত

ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে কিছু সামগ্ৰী প্ৰদান দুলীয়াজান অইল ইণ্ডিয়া এক্সিকিউটিভ এমপ্লয়ী এছ’চিয়েচনৰ (Oil India Executive Employee Association)ৰ ৷ ক’ভিড ৰোগী তথা স্বাস্থ্যকৰ্মীৰ বাবে প্ৰয়োজনীয় কিছু সামগ্ৰী ডিব্ৰুগড় জিলা প্ৰশাসনক প্ৰদান কৰে অইল ইণ্ডিয়া এক্সিকিউটিভ এমপ্লয়ী এছ’চিয়েচন চমুকৈ OIEEA ৰ ৷

ক'ভিড ৰোগীৰ চিকিৎসা বাবে সামগ্ৰী প্ৰদান দুলীয়াজান OIEEAৰ

author img

By

Published : Jun 12, 2021, 7:28 AM IST

মৰাণ, 12 জুন: ৰাজ্যত ক’ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণৰ দিশে গতি কৰিছে ৷ ক’ভিডক ৰোধ কৰিবলৈ স্বাস্থ্যকৰ্মী, প্ৰশাসন তথা সকলো এতিয়া সষ্টম হৈ আছে ৷ এইক্ষেত্ৰত চৰকাৰ তথা স্বাস্থ্য বিভাগক সহায় কৰিবলৈ বিভিন্ন দল-সংগঠনে সহায় সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ সেয়ে ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় কিছু সামগ্ৰী ডিব্ৰুগড় জিলা প্ৰশাসনক প্ৰদান কৰিছে দুলীয়াজান অইল ইণ্ডিয়া এক্সিকিউটিভ এমপ্লয়ী এছ’চিয়েচনে(Oil India Executive Employee Association) য়ে ৷

বৃহস্পতিবাৰে দুলীয়াজান অইল ইণ্ডিয়া এক্সিকিউটিভ এমপ্লয়ী এছ’চিয়েচন(Oil India Executive Employee Association)ৰ সদস্যসকলে বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কৰ’ণা মহামাৰীৰ সৈতে যুঁজ দিয়াৰ হেতুকে ৫০০ টা পিপিই কীট, গ্ল’ভচ ৪০০০, N95 মাস্ক ২৫০০ খন, তিনি তৰপীয়া মাস্ক ১০,০০০ খন, ফেচশ্বিল্ড ১৫০০ খন আৰু চেনিটাইজাৰৰ ২৫০মিলিলিটাৰৰ ১,৫০০ টা বটল ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ হাতত প্ৰদান কৰে । যাৰ বাবে জিলা উপায়ুক্ত গৰাকীয়ে তেওঁলোকৰ এই সহায়ৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক: শিৱসাগৰত অত্যাধুনিক ক’ভিড চিকিৎসালয় নিৰ্মাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.