ETV Bharat / state

টিংখাঙত নতুন বিদ্যালয় গৃহ মুকলি - AS10071

পদুমণি প্ৰাথমিক বিদ্যালয়ৰ নৱ নিৰ্মিত ভৱন উদ্বোধন কৰে পঞ্চায়তৰ সভানেত্ৰী মণিষা গগৈয়ে। বিদ্যালয়ৰ অধ্য়ক্ষ বুলুমণি গগৈয়ে আঁত ধৰা অনুষ্ঠানত বিধায়কৰ প্ৰতিনিধি জোনমণি বৰুৱা, কাউন্সিলাৰ স্নেহলতা গগৈ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দীনেশ বৰায়ে সহযোগ কৰে ।

টিংখাঙত নতুন বিদ্যালয় গৃহ মুকলি
টিংখাঙত নতুন বিদ্যালয় গৃহ মুকলি
author img

By

Published : Feb 13, 2021, 9:16 PM IST

টিংখাং,১৩ ফেব্ৰুৱাৰী: ডিব্ৰুগড় জিলাৰ ১১৯ নং টিংখাং বিধানসভা সমষ্টিৰ কুঁৱৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত "পদুমণি প্ৰাথমিক বিদ্যালয়"ৰ এটি নৱ নিৰ্মিত ভৱন উদ্বোধন কৰা হয় । বিধায়ক পুঁজি পৰা আৱন্টিত ৫ লাখ টকাৰে নিৰ্মিত এই ভৱনটো উদ্বোধন কৰে পঞ্চায়তৰ সভানেত্ৰী মণিষা গগৈয়ে । অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয়ৰ পৰিচালনা সমিতি প্ৰাক্তন সভাপতি জ্যেষ্ঠ নাগৰিক ভক্তি গগৈয়ে । বিদ্যালয়ৰ অধ্য়ক্ষ বুলুমণি গগৈয়ে আঁত ধৰা অনুষ্ঠানত বিধায়কৰ প্ৰতিনিধি জোনমণি বৰুৱা, কাউন্সিলাৰ স্নেহলতা গগৈ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দীনেশ বৰায়ে সহযোগ কৰে ।

টিংখাঙত নতুন বিদ্যালয় গৃহ মুকলি
টিংখাঙত নতুন বিদ্যালয় গৃহ মুকলি

অনুষ্ঠানত উদ্বোধন তথা পঞ্চায়তৰ সভানেত্ৰী মণিষা গগৈয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা জনকল্যাণ আঁচনি সমূহৰ ব্যাখ্যা ডাঙি ধৰি টিংখাঙত বিধায়ক বিমল বড়াই ২০১৯-২০ শিক্ষাবৰ্ষৰ পুঁজিৰ জৰিয়তে টিংখাঙৰ শিক্ষাখণ্ডলৈ নতুন দিগন্ত সূচনা কৰিছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে হ্ৰাস কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.