ডিব্ৰুগড়,20 ডিচেম্বৰঃ শনিবাৰে সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ পৰিষদৰ সভা ডিব্ৰুগড়ৰ বন্দনা হোটেল সভাকক্ষত অনুষ্ঠিত হয় । প্ৰতিখন জিলা আৰু আঞ্চলিক সমিতিয়ে প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে এই সভাত ।
এই সভাতেই এখন শক্তিশালী কেন্দ্ৰীয় সমিতি গঠন হয় । সভাত সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে যুগল বৰুৱা আৰু ৰাতুল গগৈক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হয় । এই সভাতে সংগঠনটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।
মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ৰাজ্যজুৰি তীব্ৰতৰ হ'ব আন্দোলন । স্বায়ত্ত শাষিত পৰিষদ জনজাতিকৰণৰ বিকল্প হ'ব নোৱাৰে বুলি সংগঠনটোৱে। ইপিনে নৱগঠিত আঞ্চলিক দল সমূহে মটক জনগোষ্ঠী সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব লাগিব উল্লেখ কৰে ।
আনহাতে সমগ্ৰ অসমত প্ৰতিটো ৰাজনৈতিক দলে ২০খন আসনত মটক জনগোষ্ঠীয় লোকক প্ৰাৰ্থীত্ব আগবঢ়াব বুলি কোৱা দেখা যায় । CAA সন্দৰ্ভত কেতিয়াও আপোচ নকৰে মটক ছাত্ৰ সন্থাই। অখিল গগৈকো বিনাৰ্চতে মুক্তিৰ দাবী জনায় সংগঠনটোৱে ।