নাহৰকটীয়া, 22 আগষ্টঃ নাহৰকটীয়াৰ বৈদ্যুতিক আৰু ছপা মাধ্যমত কৰ্মৰত সাংবাদিক সকলৰ উমৈহতীয়া মঞ্চ নাহৰকটীয়া প্ৰেছগীল্ডৰ এখন সাধাৰণ সভা শনিবাৰে নামফাকে বৌদ্ধ বিহাৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাত প্ৰেছ গীল্ডৰ পুৰণি সমিতিখন ভংগ কৰি ২০২০-২২ বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰা হয় ৷ অনাগত দিনত প্ৰেছ গীল্ডক সাবলীলভাবে আগবঢ়াই নিয়াৰ বাবে সাংবাদিক প্ৰাঞ্জল ভূঞাক সভাপতি আৰু সাংবাদিক বিকুল গগৈক সাধাৰণ সম্পাদক ৰূপে মনোনীত কৰি ১৭ জনীয়া এখন সমিতি গঠন কৰা হয় ৷
উল্লেখ্য যে, উক্ত সভাখনত বিশেষ অতিথি হিচাপে উপস্থিত থাকে নামফাকে বৌদ্ধ বিহাৰৰ বিহাৰধ্যক্ষ ভাণ্টে জ্ঞানপাল মাহাথেৰ৷সভাৰ অন্তত নৱগঠিত সমিতিখনে সামূহিকবাবে ভাণ্টেৰ আশীৰ্বাদ গ্ৰহণ কৰে ৷