নাহৰকটীয়া,4 জানুৱাৰীঃ নাহৰকটীয়াত সেউজ বিপ্লৱ ৷ জৈৱিক পদ্ধতিৰে সেউজ বিপ্লৱৰ সূচনা নাহৰকটীয়াৰ এজন শিক্ষিত নিৱনুৱাৰ ৷ যি সময়ত ৰাজ্যখনৰ একাংশ যুৱকে কৰ্ম সংস্থাপনৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে,সেই সময়তেই কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নাহৰকটীয়াৰ খুনচিক নক্তেই ৷ নাহৰকটীয়া নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ জয়পুৰ নক্তে গাঁৱৰ এই গৰাকী আদৰ্শ কৃষকে এতিয়া নীৰৱে সূচনা কৰিছে সেউজ বিপ্লৱৰ ৷
উল্লেখ্য যে,চৰকাৰী চাকৰি বিচাৰি বিভিন্ন কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰাৰ পিছতো সংস্থাপন নাপাই অৱশেষত নিজৰ খেতি মাটি কেইডৰাকে জীৱিকাৰ সম্বল হিচাপে লৈ কৃষি কৰ্মত নামি পৰিছিল খুনচিক নক্তেই ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা বিভিন্ন শাক পাচলি খেতিৰ উপৰিও গৰু,ছাগলী,গাহৰি,হাঁহ কুকুৰা আদি পালনেৰে সম্প্ৰতি কৃষকজনে নিজৰ লগতে গাওঁ খনৰ ১০-১৫ টা পৰিয়ালৰ জীৱিকাৰ পথ প্ৰশস্ত কৰিবলৈকো সক্ষম হৈছে ৷ জৈৱিক পদ্ধতিৰে কৰা তেওঁৰ কৃষিৰ ফচলে স্থানীয় বাজাৰত যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে সকলো সময়তে উচিত দৰ লাভ কৰিবলৈও সক্ষম হৈছে ৷ ইয়াৰ উপৰিও সৰুৰে পৰা ফুটবল খেলি ভালপোৱা আদৰ্শ কৃষকজনে কৃষিৰে উপাৰ্জিত ধনেৰে জয়পুৰ তৰুণ সংঘ ফুটবল ক্লাবৰ দলটোক বিভিন্ন সময়ত আৰ্থিক সহযোগিতাও আগবঢ়াই আহিছে ৷
বৰ্তমান সময়ত নিবনুৱা সমস্যাই যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে তেনে সময়ত খুনচিক নক্তেৰ দৰে শিক্ষিত নিবনুৱাই কৃষি কৰ্মৰে দেখুওৱা স্বাবলম্বিতাৰ এই পথ নিশ্চয়কৈ যুৱ প্ৰজন্মৰ বাবে এক আদৰ্শ হৈ ৰ’ব ৷
লগতে পঢ়ক-বিহাৰত কণ কণ শিশুৱে বিলাইছে প্লাষ্টিক বিৰোধী সজাগতা