মৰাণ, 19 মে': দীৰ্ঘদিন ধৰি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিত অবৈধ বালিখনন আৰু বন ধ্বংসৰ অভিযোগ উত্থাপন হৈ আহিছে । কিন্তু দুষ্টচক্ৰৰ এই অবৈধ কাৰ্যকলাপ বন্ধ কৰাত বিফল হৈছে বন বিভাগ । ইয়াৰোপৰি দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত সমষ্টিটোৰ বিভাগসমূহ ।
সেয়ে সোমবাৰে জয়পুৰ বন বিভাগৰ ডাক বঙলাত এক বিশেষ পৰ্যালোচনা বৈঠকৰ আয়োজন কৰে নৱ-নিৰ্বাচিত বিধায়ক তৰংগ গগৈয়ে । য'ত স্বাস্থ্য, শিক্ষা, ৰাজহ, জলসম্পদ, জলসিঞ্চন,কৃষি, বন বিভাগকে ধৰি সকলো বিভাগৰে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।
এই বৈঠকৰ পিছতে বিধায়কগৰাকীৰ ঘোষণা অতি শীঘ্ৰে নাহৰকটীয়া সমষ্টিত চলি থকা অবৈধ বালিখনন বন্ধ কৰিব লাগিব । তদুপৰি আগন্তুক দিনত প্ৰাকৃতিক সম্পদেৰে ভৰপুৰ জয়পুৰ বৰ্ষাৰণ্যৰ ভিতৰচ'ৰাত চলা অবৈধভাৱে গছ কটা কাৰ্যও বন্ধ কৰিব লাগিব । নাহৰকটীয়াৰ জয়পুৰ বন বিভাগক এই নিৰ্দেশ প্ৰদান কৰে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে ।
তদুপৰি বিধায়ক গৰাকীয়ে বিভিন্ন চৰকাৰী বিভাগৰ অভাৱ অভিযোগ বুজ লোৱাৰ লগতে আগন্তুক দিনত এই বিভাগসমূহৰ জৰিয়তে নাহৰকটীয়া সমষ্টিত কিদৰে উন্নয়ন সাধন কৰিব পাৰি সেই সম্পৰ্কেও আলোচনা কৰে । ইয়াৰোপৰি প্ৰতি তিনিমাহৰ অন্তত সমষ্টিত চৰকাৰী বিভাগৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ ল'ব বুলি সদৰি কৰে বিধায়কগৰাকীয়ে ।
লগতে পঢ়ক:যোৰহাটত আটক ভূৱা দণ্ডাধীশ