নাহৰকটীয়া, 28 নৱেম্বৰ : শনিবাৰে অপহৰণৰ বলি হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল নাহৰকটীয়াৰ এটি এঘাৰ বছৰীয়া শিশু ৷ স্থানীয় ৰাইজৰ তৎপৰতাত সৌভাগ্যক্ৰমে উদ্ধাৰ হোৱা এই শিশুটি হৈছে নাহৰকটীয়াৰ জাগুণ গাঁৱৰ ব্যৱসায়ী উৎপল বৰুৱাৰ পুত্ৰ ৷
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, দিনৰ ১১ বজাত ঘৰৰ সন্মুখত চাইকেল চলাই ফুৰা শিশুটিক সমীপৰে অপৰাধ প্ৰৱণ এটি কিশোৰে নদীত মাছ দেখুওৱাৰ চলেৰে জনশূন্য এলেকালৈ নি মুখ হাত বান্ধি বস্তাত ভৰাই থয় ৷ সেইসময়তে মাকে শিশুটিক আহাৰ যাচিবলৈ বিচাৰ খোচাৰ কৰাত সন্তান সন্ধানহীন হোৱাটো নিশ্চিত হয় আৰু বিচাৰ খোচাৰ আৰম্ভ কৰে ৷ ইফালে স্থানীয় কেইবাগৰাকীও লোকে একে গাঁৱৰে জনৈক দাসৰ ১৫ বছৰীয়া পুত্ৰই চাইকেলত বস্তা এটা কঢ়িওৱা মন কৰে ৷ তাৰেই আঁত ধৰি স্থানীয় ৰাইজেও সন্ধান আৰম্ভ কৰে আৰু কিশোৰটিক হাত ভৰি বান্ধি বস্তাত ভৰাই থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ শিশুটিক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পিতৃৰ এজাহাৰৰ ভিত্তিত ঘটনা সন্দৰ্ভত গোচৰো পঞ্জীয়ন কৰে ৷
ইফালে আৰক্ষীয়ে জাগুণৰে এটা পৰিত্যক্ত চৌহদত লুকাই থকা অৱস্থাত অভিযুক্ত কিশোৰটোকো গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে এই কাণ্ডত অভিযুক্ত কিশোৰটোৰ সৈতে আন কোনোবা জড়িত হৈ আছিল নেকি সেই সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে ৷ শিশুটিৰ পিতৃ উৎপল বৰুৱাৰ পৰা ধনদাবীৰ বাবেই অপহৰণ কৰাৰ কৌশল ৰচা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ ইফালে অপহৰণ কাণ্ডৰ লগত জড়িত অভিযুক্ত নাবালক নিচাযুক্ত দ্ৰব্য সেৱনত অভ্যস্ত বুলিও ৰাইজে ব্যক্ত কৰিছে ৷
লগতে পঢ়ক: বাঘজানৰ জুই নুমাল; কিন্তু নুমুৱালৈ বাকী বাঘজানবাসী ৰাইজৰ মনৰ জুই !