ETV Bharat / state

অসম জাতীয় পৰিষদৰ নাহৰকটীয়াৰ সমিতি গঠন

author img

By

Published : Feb 24, 2021, 11:30 AM IST

2021 ত সুস্থ জাতীয়তাবাদী চিন্তাৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক নাহৰকটীয়াত জয়ী কৰোৱাৰ লক্ষ্যৰে গঠন হ'ল দলটোৰ নাহৰকটীয়া সমিতি ৷ নাহৰকটীয়াৰ ধৰমশালাত বিজয় গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত গঠন হয় এই সমিতি ৷

অজাপৰ নাহৰকটীয়া সমষ্টি সমিতি গঠন
অজাপৰ নাহৰকটীয়া সমষ্টি সমিতি গঠন

মৰাণ,24 ফেব্ৰুৱাৰী: সমাগত অসম বিধানসভা নিৰ্বাচনত 120 নং নাহৰকটীয়া সমষ্টিক নিজৰ দখললৈ অনাৰ উদ্দেশ্যে মঙলবাৰে নাহৰকটীয়াত অসম জাতীয় পৰিষদৰ কাৰ্য নিৰ্বাহক সমিতিখন গঠন কৰা হয় ৷ মূলতঃ সুস্থ জাতীয়তাবাদী চিন্তাধাৰাৰে সমষ্টিটোত অসম জাতীয় পৰিষদক জয়ী কৰোৱাৰ উদ্দেশ্যে এই সমিতি গঠন কৰা হৈছে বুলি কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে ৷

দলটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক চন্দন সন্দিকৈ, কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সদস্য ক্ৰমে অনুপ ফুকন, ৰঞ্জন ধাদুমীয়া, জাতীয় মহিলা শক্তিৰ কেন্দ্ৰীয় উপদেষ্টা কল্যাণী শৰ্মা পৰ্যবেক্ষক হিচাপে থকা সভাখনত ৰঞ্জিত নিৰ্মলীয়াক সভাপতি, লক্ষী গগৈ, কেশৱ হাজৰিকা, বিকাশ বৰুৱা, প্ৰফুল্ল নিৰ্মলীয়া আৰু মুক্তাৰ কাদিৰক উপ-সভাপতি আৰু বিদ্যুৎ বিকাশ গগৈক সম্পাদক হিচাপে লৈ মুঠ 51 জনীয়া পূৰ্ণাংগ নাহৰকটীয়া সমষ্টি কাৰ্য নিৰ্বাহক সমিতি গঠন কৰা হয় ৷

অসম জাতীয় পৰিষদৰ নাহৰকটীয়াৰ সমিতি গঠন

সমিতিখন গঠন হোৱাৰ পাছতে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক চন্দন সন্দিকৈয়ে মন্তব্য কৰে যে, মঙলবাৰে গঠন হোৱা অসম জাতীয় পৰিষদৰ শক্তিশালী নাহৰকটীয়া সমষ্টি সমিতিখনে আগন্তুক নিৰ্বাচনত সমগ্ৰ নাহৰকটীয়াবাসীৰ সহযোগত সমষ্টিটো জাতীয় পৰিষদৰ দখললৈ আনিবলৈ সক্ষম হ'ব ।

আগন্তুক নিৰ্বাচনত নাহৰকটীয়া সমষ্টিৰ পৰা কোনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় সাংগঠনিক সম্পাদকজনে বিষয়টো কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা পোৱাৰ পাছতহে স্পষ্ট কৰিব পৰা যাব বুলি সদৰী কৰে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হ'ব নোৱাৰি হতাশাত ভুগিছে মন্ত্ৰী শৰ্মা : গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.