ডিব্ৰুগড়, 4 জুলাই : পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ দাবীত শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাহৰকটীয়াত জয়পুৰ ব্লক কংগ্ৰেছে পেট্ৰ'ল,ডিজেল,ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত তথা মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত নাহৰকটীয়াৰ ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে ।
প্ৰতিবাদত নাহৰকটীয়াৰ প্ৰাক্তন বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনৰ লগতে যুৱ কংগ্ৰেছৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক মিৰাজ খান,জয়পুৰ ব্লক কংগ্ৰেছৰ সভাপতি গুলোক নাহৰ ডেকাৰ লগতে প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,বিজেপি-অগপ মুৰ্দাবাদ,মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল'গানেৰে নাহৰকটীয়াৰ ৰাজপথ উত্তাল কৰি তোলে । প্ৰতিবাদীসকলে নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ৰাষ্ট্ৰপতিলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।