মৰাণ, ১ আগষ্ট: টিংখাঙৰ ৰাজগড়ত এগৰাকী গৰ্ভৱতী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে । সন্তান প্ৰসৱ কৰিবলৈ কেইদিনমান বাকী থকা অৱস্থাত বোৱাৰীগৰাকীয়ে আত্মহত্যা কৰে । ইয়াকে লৈ ৰহস্য়ৰ সৃষ্টি হৈছে । স্বামী পৰিয়ালে বোৱাৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি দাবী কৰিছে যদিও বোৱাৰীগৰাকীৰ পিতৃৰ পৰিয়ালে কিন্তু এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলিহে অভিযোগ উত্থাপন কৰিছে ।
টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত ভালুকমৰা গাঁৱৰ ধীৰেন হাজৰিকাৰ পুত্ৰ বিপ্লৱ হাজৰিকাৰ সৈতে আঢ়ৈ বছৰ পূৰ্বে টিংখাঙৰে বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত ৰংছোৱাল গাঁৱৰ সত্য বৰবৰুৱা আৰু চেনেহী বৰবৰুৱাৰ কন্য়া কংকনা বৰবৰুৱাই বিবাহপাশত আৱদ্ধ হৈছিল । বৰ্তমান কংকনা ১০ মহীয়া গৰ্ভৱতী বুলি জানিব পৰা গৈছে । কিন্তু সোমবাৰে নিশা ৰহস্যজনকভাৱে গৰ্ভৱতী বোৱাৰীগৰাকীৰ মৃত্যু হয় ।
লগতে পঢ়ক:Manikpur football tournament: মাণিকপুৰত স্বৰ্গীয় অজিত ৰায় সোঁৱৰণী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতা
কংকনা বৰবৰুৱাৰ পিতৃ পৰিয়ালে অভিযোগ কৰা মতে,স্বামী বিপ্লৱ হাজৰিকাৰ পৰিয়ালৰ লোকে কংকনাই আত্মহত্যা কৰা বুলি নিশা ফোনযোগে খবৰ দিয়ে। কংকনাই বিহ খাই আত্মহত্যা কৰা বুলি ফোনযোগে খবৰ দিয়া বুলি মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে কয় । ইফালে,মৃত বোৱাৰীগৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে । লগতে কোনো কাৰণতে তেওঁৰ কন্য়াই আত্মহত্যা নকৰে বুলি দাবী কৰিছে ।
পিতৃ সত্য বৰবৰুৱাই অভিযোগ উত্থাপন কৰি কয় যে স্বামী বিপ্লৱ হাজৰিকাই নিতৌ নিশা মদ্যপান কৰি ঘৰলৈ আহি তেওঁৰ কন্য়াক নিৰ্যাতন কৰা বুলি প্ৰায়েই কৈছিল । আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত ঘটনা কি জানিব পৰা যাব যদিও এগৰাকীৰ গৰ্ভৱতী মহিলা মৃত্যুৰ ঘটনাই সমগ্ৰ টিংখাঙত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।