ETV Bharat / state

এটা দুৰ্ঘটনা , হত্যা আৰু উত্তপ্ত ডিব্ৰুগড় - অসম নিউজ

ডিব্ৰুগড় পল্টনবজাৰত AR-20-4847 নম্বৰৰ ছুইফট ডিজায়াৰ আৰু কেইজনমান মটৰ চাইকেল আৰোহীৰ মাজত দুৰ্ঘটনা সংঘটিত হয় ৷ ঘটনাক কেন্দ্ৰ কৰি দুয়োটা দলৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ বাক-বিতণ্ডাৰ মাজতে ডিজায়াৰখনৰ আৰোহীয়ে হঠাৎ চোকা অস্ত্ৰৰে আক্ৰমণ কৰে মটৰ চাইকেল আৰোহী কেইজনক ৷

পথ দুৰ্ঘটনাৰ বাবেই হত্যা 1, আহত 4
author img

By

Published : Jul 4, 2019, 12:44 PM IST

ডিব্ৰুগড়, 4 জুলাইঃ এটি পথ দুৰ্ঘটনাৰ বাবেই হত্যা কৰা হ'ল এজন যুৱকক ৷ লগতে গুৰুতৰভাৱে আহত কৰিলে আন চাৰিজনক ৷ ডিব্ৰুগড় পল্টনবজাৰত বুধবাৰে নিশা সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি অঞ্চলজুৰি ৷ ইটিভি ভাৰতৰ এক প্ৰতিবেদন.......

পথ দুৰ্ঘটনাৰ বাবেই হত্যা 1, আহত 4

ডিব্ৰুগড়, 4 জুলাইঃ এটি পথ দুৰ্ঘটনাৰ বাবেই হত্যা কৰা হ'ল এজন যুৱকক ৷ লগতে গুৰুতৰভাৱে আহত কৰিলে আন চাৰিজনক ৷ ডিব্ৰুগড় পল্টনবজাৰত বুধবাৰে নিশা সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি অঞ্চলজুৰি ৷ ইটিভি ভাৰতৰ এক প্ৰতিবেদন.......

পথ দুৰ্ঘটনাৰ বাবেই হত্যা 1, আহত 4
A_dib_801to823_murder_incident_7203913

 23 files on ftp including bytes

 এটা দুৰ্ঘটনাকলৈ ডিব্ৰুগড়ত নিশা উত্তেজনা ,এজনৰ মৃত্যু,চাৰিজন আহত

:এটা দুৰ্ঘটনাত কেন্দ্ৰ কৰি যোৱা নিশা ডিব্ৰুগড়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে এজন ব্যক্তিৰ মৃত্যু আৰু আন চাৰিজন আহত হয়।চহৰৰ পল্টনবজাৰত AR20 4847 নম্বৰৰ এখন ছুইফট ডিজায়ৰ আৰু কেইজনমান মটৰ চাইকেল আৰোহিৰ মাজত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি প্ৰথমে বাক বিতনদাৰ সৃষ্টি হয়।ইয়াৰ মাজতে গাড়ী খনৰ এজন আৰোহিয়ে হঠাৎ এপাত চোকা অস্ত্ৰ উলিয়াই আনি মটৰ চাইকেল আৰোহি কেইজনৰ যধে মধে আঘাত কৰি আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে।আনহাতে এই ঘটনাত পাঁচজন লোক আহত হয়।আহত সকলক ততাতৈয়াকৈ AMCH লৈ নিয়া হয় যদিও দীপক মেচ নামৰ লোক জনৰ ইতিমধ্যে মৃত্যু হয়।আনহাতে ৰূপম নাথ,ৰাতুল বৰা প্ৰাণজিত ভূঞা আৰু মনোজ দত্ত নামৰ আন চাৰিজন গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধীন হৈ আছে।উল্লেখযোগ্য যে আহত নিহত এটাই কেইজন AMCH ৰ কৰ্মচাৰী আৰু তেওঁলোক AMCH  ৰ আবাসীক অঞ্চলৰে নিবাসী।ইফালে এই ঘটনাৰ পিছতে উত্তেজিত ৰাইজে দুৰঘটনা সংঘটিত কৰা গাড়ীখনৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে দুখীক বিচাৰি চহৰৰ বিভিন্ন লজ,হোটেল আদিত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে।দুৰঘটনা সংঘটিত কৰা গাড়ীখন অৰুণাচলৰ পঞ্জীয়নভূক্ত হোৱাৰ বাবে উত্তেজিত লোক সকলে এই ঘটনা অৰুণাচলৰ লোকে সংঘটিত কৰা বুলি অনুমান কৰি বিশেষকৈ অৰুণাচলৰ লোক বসবাস কৰা হোটেল ,লজৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।অৱশ্যে আৰক্ষী আৰু CRPF ৰ লোকে উত্তেজিত ৰাইজক বহু বুজাই বঢ়াই শান্ত কৰিবলৈ সক্ষম হয়।আনহাতে আৰক্ষীয়ে দিয়া তথ্য মতে এই ঘটনাৰ মূল অভিযুক্ত তিনিচুকীয়াৰ লাইপুলিৰ গুনীন চেতিয়াক নিশাই গ্ৰেপ্তাৰ কৰে।ঘ্টনাকলৈ ডিব্ৰুগড়ত উত্তেজনা বিৰাজ কৰি আছে।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.