ডিব্ৰুগড়, 12 জুলাই : ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ৰুজু হোৱা ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 130(B)/420,468/471 অধীনত গোচৰ সংখ্যা 2020 /19, u/s, আৰু 420/406/468/471/34 ধাৰাৰ অধীনত 414/2020, u/s গোচৰত গ্ৰেপ্তাৰ হৈছে সহকাৰী অভিযন্তা পৰমানন্দ গগৈ ৷ পৌৰসভাৰ বজাৰ আৰু মাটি আৱণ্টনৰ কেলেংকাৰীত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অভিযন্তাগৰাকীক । দীৰ্ঘদিনধৰি পৌৰসভাৰ বিভিন্ন কাম-কাজত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল গগৈৰ বিৰুদ্ধে । ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ পাচত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় অভিযন্তাগৰাকীক ।
উল্লেখযোগ্য যে, বিগত সময় চোৱাত ডিব্ৰুগড়ৰ পৌৰসভাৰ বিভিন্ন কাম-কাজত বিভিন্ন দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উৎথাপিত হোৱা লগতে দুৰ্নীতিৰ অভিযোগতে কেইবাবাৰো পৌৰসভা ভঙা-পতা হৈছিল। তদুপৰি স্বয়ং পৌৰনেত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাৰ লগতে অপসাৰণ পৰ্যন্ত হ'ব লগা হোৱাৰ পাচত ডিব্ৰুগড়ৰ প্ৰশাসনে চলাই আছে পৌৰসভা।আনহাতে ডিব্ৰুগড় আৰক্ষীৰ হাতত এগৰাকী অভিযন্তা গ্ৰেপ্তাৰ হোৱা পাচত আৰক্ষীয়ে উচিত তদন্ত কৰিলে আৰু বহু দুৰ্নীতি উন্মোচিত হোৱাৰ সম্ভাৱনা আছিল যদিও কাৰাগাৰলৈ প্ৰেৰণ কৰাত একাংশৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
লগতে পঢ়ক : বিজেপিত মূল্য নাই শিলাদিত্যৰ ! দলৰ পৰা কৰিব পদত্যাগ