মৰাণ,13 নৱেম্বৰ : পোন প্ৰথমবাৰৰ বাবে শুকুৰবাৰে মৰাণ বিধানসভা সমষ্টিৰ চেপনৰ খেৰবাৰী বিজুলী শ্ৰমিকসকললৈ সৌভাগ্য আঁচনিৰ অধীনত বিজুলী যোগান ধৰে শক্তি বিভাগে ৷ ফিটা কাটি বিদ্যুৎ যোগানৰ শুভাৰম্ভ কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।
ডিব্ৰুগড় আৰু মৰাণৰ বিদ্যুৎ বিভাগৰ বিষয়াসকল উপস্থিত থকা এই অনুষ্ঠানত চেপন পঞ্চায়তৰ সভাপতি দীপক তাঁতী, জিলা পৰিষদৰ জোষ্ণা কৈৰী, ৱাৰ্ড সদস্যা সোনমণি তাঁতীৰ লগতে শ্ৰমিক লাইনৰ ৰাইজ উপস্থিত থাকে ।
উল্লেখ্য যে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ বহু গ্ৰাম্যাঞ্চলৰ লগতে চাহ বাগিচা এলেকাত আজিও নাই বিদ্যুৎ । চৰকাৰৰ কোনো এখন অভিলাষী আঁচনিয়েই সেই অঞ্চলসমূহৰ ৰাইজক বিদ্যুতৰ পোহৰ দিব পৰা নাই ৷ প্ৰতিবাদৰ পাচত প্ৰতিবাদ কৰাৰ পাচতো গা লৰা নাই জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ ৷
শুকুৰবাৰে চেপনৰ খেৰবাৰী এই বিজুলী শ্ৰমিকসকললৈ নিৰ্বাচনৰ পূৰ্বে আৰু পোন প্ৰথমবাৰৰ বাবে শক্তি বিভাগে যোগান ধৰা বিদ্যুতৰ আঁৰত নিৰ্বাচনৰ ৰহস্য জড়িত হৈ আছে নেকি, তাক লৈহে এতিয়া সন্দেহ ৷
লগতে পঢ়ক : নগাঁৱত চৰকাৰী কৰ ফাঁকিৰে চলিছে নেকি আতচবাজীৰ ব্যৱসায়?