মৰাণ,২ মে': ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । বিভিন্ন জিলাত প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ আছে । ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত শনিবাৰৰ দিনটোতে ৪৯ গৰাকী লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । আনহাতে খোৱাঙৰ ২ জন লোকক আন জিলাত কৰ'ণাত আক্ৰান্ত পোৱা গৈছে ।
উল্লেখ্য যে, মৰাণ হাটখোলাৰ এটা পৰিয়ালৰ ১০ গৰাকীকৈ সদস্যৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে । খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৩৫০ গৰাকীলৈ ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ।
ইফালে চৰাইদেউ জিলাৰ পাতসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলত ৭ জন লোকৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । এতিয়ালৈ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনত সৰ্বমুঠ ৬৩ গৰাকী আক্ৰান্ত হৈছে কৰ'ণাত । স্বাস্থ্যবিভাগৰ ফালৰ পৰা জানিব পৰা মতে আক্ৰান্ত প্ৰায় সকলকে হোম আইচ’লেচনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ৪১৩ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।
লগতে পঢ়ক:কৰিমগঞ্জৰ বদৰপুৰত পথ দুৰ্ঘটনা : আহত 3