ETV Bharat / state

মন্ত্ৰীৰ ঘনিষ্ঠ-আত্মীয়লৈ অস্ত্ৰৰ অনুজ্ঞাপত্ৰঃ সৰৱ আছু-এ জে ৱাই ছি পি

author img

By

Published : Sep 22, 2020, 7:45 PM IST

গুলী চালনাৰ অভিযোগত ইতিমধ্যে জেল হাজোতলৈ যোৱা বিজেপি দলটোৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ নৱ-নিযুক্ত সম্পাদক টিংকু গগৈৰ বিৰুদ্ধে ঘটনা সংঘটিত হোৱা পাঁচটা দিন অতিক্ৰম কৰাৰ পাচতো দলে কোনো ধৰণৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যই মন্ত্ৰী যোগেন মহনে সমষ্টিটোত গুপ্তহত্যাৰ ব্লু প্ৰিন্ট ৰচনা কৰা বুলি অভিযোগ কৰিছে আছু-এ জে ৱাই ছি পিৰ নেতৃত্বই ৷

moram aasu ajycp join press meet against issue of license for arms
মন্ত্ৰীৰ ঘনিষ্ঠ-আত্মীয়লৈ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ

মৰাণ, 22 ছেপ্তেম্বৰঃ সমাগত ২১ বৰ্ষৰ বিধানসভা নিৰ্বাচন । পূব কংগ্ৰেছ চৰকাৰৰ দৰে এইবাৰ বিজেপি দলে দ্বিতীয় বাৰৰ বাবে দিছপুৰ দখল কৰিবলৈ ধনবল ,বাহুবল , অস্ত্ৰ সন্ত্ৰাস সৃষ্টি কৰি ভোট আদায় কৰিবলৈ যে চেষ্টা কৰিব তাৰে অনুমান পোৱা গৈছে মৰাণত । কাৰণ মন্ত্ৰীৰ ঘনিষ্ঠ হ'লেই দিয়া হৈছে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ।

মাহমৰাৰ বিধায়ক, অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন (স্বতন্ত্ৰ) তথা গড়কাপ্তানি (সহযোগী) মন্ত্ৰী যোগেন মহনৰ পৃষ্ঠপোষকতাত সমষ্টিটোত বিজেপিৰ নেতা-পালিনেতাৰ হাতে হাতে নীতি-নিয়ম জলাঞ্জলী দি প্ৰশাসনে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আছু আৰু যুৱ-ছাত্ৰ পৰিষদে ৷ সোমবাৰে সন্ধিয়া মৰাণ ‘আছু’ৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি আছুৰ চৰাইদেউ মহকুমা সমিতিৰ সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞা, মৰাণ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক অবিনাশ শৰ্মা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ যুটীয়া সম্পাদক পল্লৱ শৰ্মাই প্ৰশাসনৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ সংগঠন কেইটাৰ অভিযোগ মন্ত্ৰী যোগেন মহনৰ ছত্ৰছাঁয়াত ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰি সমষ্টিটোৰ বিজেপি নেতা-পালিনেতাৰ হাতত আগ্নেয়াস্ত্ৰৰ অনুজ্ঞা পত্ৰ তুলি দি নিৰ্বাচনৰ পূৰ্ৱে পৰিস্থিতি অশান্ত কৰাৰ ব্লু প্ৰিন্ট ৰচনা কৰিছে ৷

লগতে পঢ়কঃ তিনিচুকীয়াত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

সংগঠন দুটাৰ অভিযোগ, সমাগত ২੦২১ৰ বিধানসভা নিৰ্বাচনত আগ্নেয়াস্ত্ৰৰে ভয়-ভাবুকি প্ৰদান কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চক্ৰান্ত চলাইছে মন্ত্ৰী যোগেন মহনে ৷ গেৰুৱা দলটোৰ নেতা-পালিনেতাক অপ্ৰয়োজনীয়ভাৱে প্ৰদান কৰা আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰসমূহ শীঘ্ৰে বাতিল নকৰিলে পৰিস্থিতি ভয়াৱহ হ’ব বুলিও সকীয়নি দিয়ে জাতীয় সংগঠন দুটাই ৷

উল্লেখ্য যে, যোৱা ১৭ ছেপ্তেম্বৰত বিশ্বকৰ্মা পূজা উপলক্ষে মৰাণৰ থমচন তিনিআলিৰ সমীপৰ মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ বিজেপি পালিনেতা টিংকু গগৈ (থাপা)য়ে নিজ গৃহত কেইবাগৰাকীও সতীৰ্থৰে লগলাগি নৈশ ভোজৰ আয়োজন কৰিছিল ৷ কিন্তু সুৰাৰ ৰাগিত মাতাল হৈ অভিযুক্ত টিংকু গগৈ সহ বিজেপিৰ কেইবাগৰাকীও পালিনেতা তথা মন্ত্ৰীগৰাকীৰ আত্মীয়ই গুলীচালনা কৰে ৷ ফলত সুমন কৰ্মকাৰ নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হয় ৷ কিন্তু অতি ৰহস্যজনকভাৱে টিংকু গগৈক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে যদিও ঘটনাটোক লৈ অধিক তদন্ত কৰাৰ পৰা বিৰত থাকে আৰক্ষী ৷

জানিব পৰা মতে, মন্ত্ৰী যোগেন মহনৰ পৃষ্ঠপোষকতাত সমষ্টিটোৰ মিলন গাওঁ পঞ্চায়তৰ বিজেপি দলৰ সভাপতি নব বৰুৱা, দলটোৰ ৰাজ্যিক সাধাৰণ পৰিষদৰ সদস্য মন্টু কোঁৱৰ, মন্ত্ৰীগৰাকীৰ খুলশালি স্বপ্ননীল (মাধৱ) কুকুৰাছোৱাৰ লগতে আন তিনিজন আত্মীয় ক্ৰমে, ৰাজা ৰাজমহন বৰুৱা, হেমা চেতিয়া আৰু দেৱজিত ফুকনৰ নামত আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে প্ৰশাসনে ৷ ইফালে গুলী চালনাৰ অভিযোগত ইতিমধ্যে জেল হাজোতলৈ যোৱা দলটোৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ নৱ-নিযুক্ত সম্পাদক টিংকু গগৈৰ বিৰুদ্ধে ঘটনা সংঘটিত হোৱা পাঁচটা দিন অতিক্ৰম কৰাৰ পাচতো দলে কোনো ধৰণৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যই মন্ত্ৰী যোগেন মহনে সমষ্টিটোত গুপ্তহত্যাৰ ব্লু প্ৰিন্ট ৰচনা কৰা বুলি অভিযোগ কৰিছে সংগঠন দুটাৰ নেতৃত্বই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.