ETV Bharat / state

খোৱাঙত ব্যৱসায়ীক ধন দাবী কৰাৰ লগতে হত্যাৰ প্ৰচেষ্টা দুৰ্বৃত্তৰ - প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি

খোৱাং বোকাহোলাৰ পৰমানন্দ চৌধুৰী (৬৫) নামৰ ব্যৱসায়ীক ধনদাবী কৰাৰ লগতে হত্যাৰ প্ৰচেষ্টা চলায় অচিনাক্ত দুৰ্বৃত্তই ৷

খোৱাঙত ব্যৱসায়ীক ধন দাবী কৰাৰ লগতে হত্যাৰ প্ৰচেষ্টা দুৰ্বৃত্তৰ

author img

By

Published : Dec 15, 2020, 10:35 PM IST

ডিব্ৰুগড়,15 ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাঙত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ খোৱাং বোকাহোলাৰ পৰমানন্দ চৌধুৰী (৬৫) নামৰ ব্যৱসায়ীক ধনদাবী কৰাৰ লগতে হত্যাৰ প্ৰচেষ্টা চলায় অচিনাক্ত দুৰ্বৃত্তই ৷

খোৱাঙত ব্যৱসায়ীক ধন দাবী কৰাৰ লগতে হত্যাৰ প্ৰচেষ্টা দুৰ্বৃত্তৰ

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি এখন মটৰ চাইকেলত আহিছিল ৩ জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলটো ৷ এজন অস্ত্ৰধাৰী যুৱকে প্ৰৱেশ কৰিছিল চৌধুৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ৷ তাৰ পিছতে ভিতৰলৈ সোমাই অস্ত্ৰধাৰী দুৰ্বৃত্তটোৱে পৰমানন্দ চৌধুৰীক ধন দাবী কৰাৰ লগতে হত্যাৰ প্ৰচেষ্টা চলায় ৷ ব্যৱসায়ীজনে কৌশলেৰে দুৰ্বৃত্তক গতা মাৰি বাহিৰলৈ ওলাই আহে ৷ দুৰ্বৃত্তৰ আক্ৰমণত সামান্য আঘাট পোৱা ব্যৱসায়ীজনে হুলস্থুল কৰাত কাষৰ প্ৰতিবেশী আগবাঢ়ি অহাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে আক্ৰমণকাৰী দলটো ৷

সম্প্ৰতি ঘটনাস্থলীত খোৱাং আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য প্ৰায় চাৰি বছৰৰ পূৰ্ৱেও ব্যৱসায়ীজনক ধনদাবী কৰিছিল সন্দেহযুক্ত আলফাই ৷

লগতে পঢ়কঃ আকৌ আহিব ক’ৰণাঃ ভালুকৰ সাঙীত পৰিণত ক’ভিড প্ৰট'কল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.