মৰাণ,5 মাৰ্চঃ ঘোষণা হ'ল শাসক দল বিজেপিৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা । ডিব্ৰুগড় জিলাৰ ৭ টা বিধানসভা সমষ্টিৰ পূৰ্বৰ ৭ জন বিধায়কৰ ভিতৰত এজন বিধায়কে নাপালে দলীয় টিকট ।
![ডিব্ৰুগড়ৰ এজন বিধায়কে নাপালে পুনৰ টিকট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8010to8014-mlarituparnaboruahdoesntgetbjpticket-as10031_05032021213354_0503f_1614960234_19.jpg)
লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ন বৰুৱাই এইবাৰ টিকটৰ পৰা বঞ্চিত হ'ল । টিকট লাভ কৰা বিধায়ক সকলক আজি সমষ্টিয়ে সমষ্টিয়ে দলীয় কৰ্মী সকলে উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয় ।
![ডিব্ৰুগড়ৰ এজন বিধায়কে নাপালে পুনৰ টিকট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8010to8014-mlarituparnaboruahdoesntgetbjpticket-as10031_05032021213354_0503f_1614960234_91.jpg)
লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ন বৰুৱাই এইবাৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে ডিব্ৰুগড় সদৰ সমষ্টিত - প্ৰশান্ত ফুকন ,মৰাণ সমষ্টিত চক্ৰধৰ গগৈ, লাহোৱাল সমষ্টিত বিনোদ হাজৰিকা, দুলীয়াজান সমষ্টিত টেৰচ গোৱালা আৰু টিংখাং সমষ্টিত বিমল বৰা ৷
![ডিব্ৰুগড়ৰ এজন বিধায়কে নাপালে পুনৰ টিকট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8010to8014-mlarituparnaboruahdoesntgetbjpticket-as10031_05032021213354_0503f_1614960234_862.jpg)
একেদৰে নাহৰকটীয়া সমষ্টিত তৰংগ গগৈক প্ৰাৰ্থিত্ব প্ৰদানৰ বিপৰীতে চাবুৱা সমষ্টিটো এইবাৰ অসম গণ পৰিষদ দলক এৰি দিলে বিজেপিয়ে । চাবুৱাত এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব পোনাকণ বৰুৱা ।
![ডিব্ৰুগড়ৰ এজন বিধায়কে নাপালে পুনৰ টিকট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8010to8014-mlarituparnaboruahdoesntgetbjpticket-as10031_05032021213354_0503f_1614960234_104.jpg)