মৰাণ,৬ মাৰ্চ: বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত ঘোষণা হ'ল শাসকীয় দল বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা । ৰাজ্যৰ আন আন সমষ্টিসমূহৰ দৰে ডিব্ৰুগড়ৰ ৭ টা বিধানসভা সমষ্টিৰ বাবেও ঘোষণা হ'ল প্ৰাৰ্থী তালিকা । ডিব্ৰুগড়ৰ সমষ্টিসমূহৰ ভিতৰত চাবুৱা আৰু নাহৰকটীয়া সমষ্টিত সলনি হৈছে প্ৰাৰ্থী । পূৰ্বে নাহৰকটীয়াত অসম গণ পৰিষদৰ বিধায়কে দখল কৰিছিল আসন ৷ কিন্তু এইবেলি নাহৰকটীয়াক নিজৰ দখলত ৰাখে বিজেপিয়ে ৷
![ডিব্ৰুগড়ত জেষ্ঠ ভাতৃৰ বাবে কনিষ্ঠ ভাতৃয়ে হেৰুৱালে টিকট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-801to804-mlarituparnaboruahdoesntgetbjpticketthistimeforhiselderbrother-as10031_06032021091735_0603f_1615002455_457.jpg)
ইয়াৰ বিপৰীতে চাবুৱা সমষ্টি অসম গণ পৰিষদৰ বাবে এৰি দিয়ে বিজেপিয়ে । ইফালে লাহোৱালত ঋতুপৰ্ণ বৰুৱাৰ টিকট কৰ্তন কৰে বিজেপি নেতৃত্বই । কাৰণ চাবুৱা সমষ্টিত অসম গণ পৰিষদৰ টিকট লাভ কৰা পোনাকণ বৰুৱা হৈছে ঋতুপৰ্ণ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ । মুঠৰ ওপৰত ডিব্ৰুগড়ত জ্যেষ্ঠ ভাতৃৰ বাবে কণিষ্ঠ ভাতৃয়ে হেৰুৱাবলগীয়া হয় টিকট ।
লগতে পঢ়ক: কাৰ্যালয়ত তলা ওলোমালে বিজেপিৰ তৃণমূল কৰ্মীয়ে