ETV Bharat / state

লুৰিণজ্যোতি গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে বিধায়ক ঋতুপৰ্ণ বৰুৱাই - mla rituparna at sanjivani hospital to see lurin's mother

উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিংহোমত চিকিৎসাধীন অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ । বিভিন্ন দল-সংগঠনৰ নেতাৰ লগতে মঙলবাৰে লুৰিণজ্যোতি গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'বলৈ হাস্পতালত উপস্থিত লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা ।

লুৰিণজ্যোতি গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে বিধায়ক ঋতুপৰ্ণ বৰুৱাই

author img

By

Published : Mar 30, 2021, 8:32 PM IST

মৰাণ,৩০ মাৰ্চ: ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছে লুৰিণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈ । উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ আছিল বৰ্ষীয়ান মহিলাগৰাকী । বিগত দিনত জাতীয় পৰিষদৰ প্ৰায়বোৰ নেতা কৰ্মীয়ে চিকিৎসালয়ত লুৰিণজ্যোতি গগৈক সংগ দিয়া পৰিলক্ষিত হৈছে ।

মঙলবাৰে নেতা গৰাকীৰ মাতৃৰ স্বাস্থ্যৰ বুজ লয় লাহোৱালৰ বিজেপি বিধায়ক ঋতুপৰ্ণৰ বৰুৱাই । হাস্পতালত উপস্থিত হৈ বিধায়ক জনে মাতৃগৰাকীৰ স্বাস্থ্য সম্পৰ্কে চিকিৎসকৰ লগতো আলোচনাত মিলিত হয় ।

উল্লেখ্য যে, সোমবাৰে পুৱা লাইপুলি স্থিত নিজ বাসগৃহত গুৰুতৰভাৱে অসুস্থ হৈ পৰে লুৰিণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈ । ইফালে মাতৃ ডুলু গগৈৰ সু-স্বাস্থ্য কামনাৰে ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত ৰাইজে বন্তি প্ৰজ্বলন কৰা দেখা গৈছে ।

লগতে পঢ়ক:সাংবাদিকৰ আগত আবেগিক হৈ পৰিল লুৰিণজ্যোতি গগৈ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.