ডিব্ৰুগড়,12 এপ্ৰিলঃ লক ডাউনৰ ফলত বিহুৰ বতৰতো নিৰাশ হৈ আছে অসমবাসী ৷ অসমীয়াৰ উদাস উদাস মনবোৰত অকণমান হাঁহি বিৰিঙাবলৈ আগবাঢ়ি আহিল ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন ৷ উৰুকাৰ দিনা ডিব্ৰুগড় ৰাইজৰ কাষত বিধায়ক প্ৰশান্ত ফুকন। গৰুক গা ধোৱাবলৈ প্ৰয়োজনী সামগ্ৰী কেইপদ লৈ ৰাইজৰ মাজত উপস্থিত হ'ল বিধায়ক প্ৰশান্ত ফুকন । গৰু বিহুৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী যোগান ধৰিলে একো একোজন মানুহক । লগতে বিহু গীত পৰিৱেশন উদাসী মনবোৰ জীপাল কৰি অকণমান হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিলে বিধায়ক গৰাকীয়ে ৷
উদাসীনতাৰ মাজতে ৰাইজৰ মুখলৈ হাঁহি অনাৰ চেষ্টা প্ৰশান্ত ফুকনৰ - ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন
লক ডাউনৰ মাজতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ প্ৰশংসনীয় পদক্ষেপ ৷ ৰাইজক গৰু বিহুৰ বাবে প্ৰয়োজনীয় দীঘলতি,মাখিয়তি,ন-পঘা,লাও-বেঙেনা যোগান ধৰিলে বিধায়ক গৰাকীয়ে ৷