মৰাণ, ২৩ আগষ্ট: ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা(Brahmaputra Cracker and Polymer Limited) আঁচনিৰ দ্বাৰা ১৫ লাখ টকা ব্যয়েৰে খোৱাঙৰ হালধিবাৰী নগৰ থানৰ এটা অতিথিশালা আধাৰশিলা(Foundation stone of guesthouse in Khowang)মঙলবাৰে স্থাপন কৰা হয় । তদুপৰি অসম চৰকাৰৰ অনিৰ্দ্ধাৰিত পুঁজিৰ দ্বাৰা ১০ লাখ টকা ব্যয়েৰে দামুৰীখাটি বজাৰ ফিল্ডত এটা চাও চেঙ ৰেণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক চক্ৰধৰ গগৈয়ে(Foundation stone laid by MLA Chakradhar Gogoi)।
ইয়াৰ পিছতে বিধায়ক গগৈয়ে মৰাণ সমষ্টিৰ বিভিন্ন প্ৰান্তৰৰ প্ৰায় সহস্ৰাধিক লোকে দেওবাৰে আপত যোগদান কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে(MLA Chakradhar Gogoi react on AAP joining Program)।মৰাণৰ খোৱাঙত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয় যে এটা ঘটিৰ পৰা পানী নি আন এটা ঘটিত ভৰালেই নতুন সৃষ্টি নহয় । কংগ্ৰেছ,ৰাইজৰ দলৰ লোকসকলে চোলাটোহে সলনি কৰিছে ৷ মানুহ একেইখিনিয়েই আছে । সেয়ে সাপ আহিছে নে আপ(AAP in Assam)আহিছে তাক লৈ চিন্তিত নহয় বুলি তেওঁ মন্তব্য কৰে ।
বিধায়কগৰাকীয়ে পুনৰ কয় যে আম আদমী পাৰ্টি দিল্লীৰ হয় । দিল্লীৰ মানুহে অসমৰ মোল বুজিব নোৱাৰে বুলি মন্তব্য কৰি আপ বিজেপিৰ বাবে ফেক্টৰ নহয় বুলি তেওঁ দৃঢ়তাৰে উল্লেখ কৰে । বিধায়ক গগৈয়ে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ দ্বাৰা ১৫ লাখ টকা ব্যয়েৰে খোৱাঙৰ হালধিবাৰী নগৰ থানৰ এটা অতিথিশালা আধাৰশিলা স্থাপন কৰি কয় যে এনে কাৰ্যৰ দ্বাৰা স্থানীয় ৰাইজো উপকৃত হ'ব পাৰে ।
উল্লেখ্য় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো আম আদমী পাৰ্টী চমুকৈ 'আপ'ৰ সংগঠনিক তৎপৰতা বৃদ্ধি পাইছে ৷ ইয়াৰ মাজতে দেওবাৰে মৰাণত আয়োজন কৰা হয় ৰাইজৰ আপৰ যোগদান কাৰ্যসূচী(AAP joining Program in Moran)। এই যোগদান কাৰ্যসূচী উজনি অসমত আম আদমী পাৰ্টীৰ ক্ৰমাৎ উত্থান হ'বলৈ ধৰাটোৱে ইংগিত দিয়াৰ পিছতেই সৰৱ হৈছে বিধায়ক চক্ৰধৰ গগৈ ।
লগতে পঢ়ক:মাজুলীত বিশিষ্ট সাহিত্যিক প্ৰয়াত তৰুণ চন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্তি নিৰ্মাণ